কাকডোঙাত ১৯জন আৰু ধেমাজিত ১২৯ জনৰ কোৰোনাত আক্ৰান্ত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল সংবাদ, কাকডোঙা/ধেমাজিঃ সমগ্ৰ বিশ্বতে কোৰোনা ভাইৰাছৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। নিতৌ দেশ তথা ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে কোভিড পজিটিভৰ সংখ্যা। সচেতনতাৰ অভাৱতেই যেন ক্ৰমান্বয়ে গাওঁ অঞ্চল সমুহলৈ কোভিডৰ সংক্ৰমণ দিনক দিনে বৃদ্বি পাবলৈ ধৰিছে। গোলাঘাট জিলাৰ বৃহত্তৰ কাকডোঙা অঞ্চলত কোভিডৰ দ্বিতীয়টো ঢৌত বহু লোক আক্ৰান্ত হৈছে কোৰোনাত।

প্ৰায় সকল লোকেই সুস্থ হৈ চিকিৎসালয়ৰ পৰা আহি ঘৰতে আছে যদিও বৰ্তমানেও বৃদ্বি পাই আছে কোভিড আক্ৰান্তৰ সংখ্যা । বুধবাৰে চোমণি গাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৪২ জন লোক কোভিড পৰীক্ষা কৰা হয়। ইয়াৰে ভিতৰত ৫ জন লোকৰ দেহত কোভিড ১৯ ৰ উপস্থিতি ধৰা পৰে ।

ইফালে, বুধবাৰে ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ বিভিন্ন ঠাইত ৩২২১ গৰাকী লোকক কোৰোনা টেষ্ট কৰাৰ পাছত ১২৯ গৰাকীয়েই কোভিড পজিটিভ হিচাপে ধৰা পৰিছে৷ বুধবাৰে চিনাক্ত হোৱা লোক কেইজনৰ সৈতে জিলাখনত কোভিড ১৯ত আক্ৰান্তৰ সংখ্যা ২০৪৮ জনলৈ বৃদ্ধি পালে ৷

আনহাতে, বুধবাৰে গোগামুখৰ ধৰ্মপুৰ শলসবাৰী গাওঁৰ সৌৰভ ফুকন(২৪) আৰু চিলাপথাৰৰ খগেন ভূঞাঁ(৫৫) দুয়োজনে কোভিড পজিটিভত মৃত্যু হয় ৷ জিলা স্বাস্থ্য বিভাগে বুধবাৰে ধেমাজি আই ডি বি টি কোভিড কেন্দ্ৰত থকা এগৰাকী ক'ভিড ৰোগীক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে ৷

স্বাস্থ্য বিভাগে বুধ বাৰে ধেমাজি আই ডি বি টি কোভিড কেন্দ্ৰত ১১ জন ,চিলাপথাৰ মডেল হস্পিতেলত ৫ জন ভৰ্তি কৰা লগতে হোম আইছু'লচনলৈ ১১৩ গৰাকীক পঠিয়াইছে ৷ ইতিমধ্যে সুস্থ হোৱা বাবে স্বাস্থ্য বিভাগে বুধ বাৰে হোম আইছ'লচনৰ পৰা ১৪১ জনক আৰু আই ডি বি টি কোভিড কেন্দ্ৰৰ পৰা ৯ জনক ৰিলিজ কৰি দিছে ৷ বুধবাৰে মৃত্যু হোৱা লোক দুজনৰ সৈতে জিলাখনত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৫ জনলৈ বৃদ্ধি পালে ৷

উল্লেখ্য যে, বুধবাৰৰ দিনটোতে আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা দেহতো ধৰা পৰে কোৰোনা ভাইৰাছৰ উপস্থিতি। শিৱসাগৰৰ দ'লমুখ চাৰিআলি কোভিড কেয়াৰ চেন্টাৰত ভৰ্ত্তী বিধায়ক প্ৰদীপ হাজৰিকাক | বৃহস্পতিবাৰে বিধায়ক হাজৰিকাই গুৱাহাটীত কভিড পৰীক্ষা কৰিছিল | বুধবাৰে এই পৰীক্ষাৰ ফলাফলত পজিটিভ আহে | বিধায়ক গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে আমগুৰি সমষ্টিবাসীয়ে |

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in