অসম

শুৱালকুছিৰ মাতিৰাম চৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

asomiyapratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ শুৱালকুছি নদী আৰক্ষী থানাৰ অন্তৰ্গত মাতিৰাম চৰত বুধবাৰে বিয়লি আৰক্ষীয়ে অচিনাক্ত মৃতদেহ এটা উদ্ধাৰ কৰে ৷ জানিব পৰামতে শুৱালকুছিৰ মাতিৰাম চৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থানীয় ৰাইজে আজি এটা মৃতদেহ প্ৰত্যক্ষ কৰি শুৱালকুছি নদী আৰক্ষীক খবৰ দিয়ে ৷

পিছত শুৱালকুছি নদী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটাই আজি বিয়লি মাতিৰাম চৰত উপস্থিত হৈ ব্ৰহ্মপুত্ৰৰ বালি চৰৰ পৰা অচিনাক্ত মৃতদেহটো উদ্ধাৰ কৰে ৷

৩০ বছৰীয়া অচিনাক্ত পুৰুষৰ মৃতদেহটো বৰ্তমান শুৱালকুছি নদী আৰক্ষীৰ জিম্মাত থকা বুলি জানিব পৰা গৈছে৷ কাইলৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিব৷