অসম কৃষি বিশ্ববিদ্যালয়ত গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্ম দ্বিশত বাৰ্ষিকী পালন

অসম কৃষি বিশ্ববিদ্যালয়ত গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্ম দ্বিশত বাৰ্ষিকী পালন

ডিজিটেল সংবাদ, যোৰহাট: জীৱ বিজ্ঞানৰ বংশগতি তত্বৰ উদ্ভাৱক তথা ' ফাদাৰ অৱ জেনেটিক্স' খ্যাত গ্ৰেগৰ জোহান মেণ্ডেলৰ জন্মদ্বিশতবাৰ্ষিকী কাৰ্যসূচী বুধবাৰে যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত পালন কৰা হয় । অসম কৃষি বিশ্ববিদ্যালয়ৰ বংশগতি আৰু উদ্ভিদ প্ৰজনন বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত বক্তব্যত ভাৰপ্ৰাপ্ত কৃষি বিজ্ঞানগুৰু ড° এম কে মোডীয়ে কয় যে কোনো এটা দিশত লাভ কৰা স্বীকৃতিৰ উৰ্ধত গৈ সামগ্ৰিকভাবে জেনেটিক্সৰ পিতৃ সন্মান লাভ কৰা পৰিক্ৰমালৈ যি উত্তৰণ সেয়া আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস ।

আৱিস্কাৰ তথা সামগ্ৰিক গৱেষণাৰ দিশত তেখেতৰ অৱদানৰ জৰিয়তে আমি এই দিশৰ লগত জৰিতসকল উজ্জীৱিত হব পাৰো । অধ্যাপক পূৰ্ণ বৰুৱাই আদৰণি ভাষণ আগবঢ়োৱা অনুষ্ঠানটোত অৱসৰপ্ৰাপ্ত অধ্যাপক ড° প্ৰণৱ তালুকদাৰেও বক্তব্য আগবঢ়ায় । আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ তিতাবৰৰ সহযোগত অনুষ্ঠিত সভাখনত অনলাইন ব্যৱস্থাৰে আইৱা ষ্টেট ইউনিভাৰ্চিটিৰ ইউ এচ এ ৰ ড° এম কে ভট্টাচাৰ্য আৰু চেন্ট্ৰেল লংকাশ্বায়াৰ ইউনিভাৰ্চিটিৰ প্ৰিষ্টন ( ইউ কে ) ৰ ড° বজিলুল বাহাৰে বক্তব্য আগবঢ়ায় ।

বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰিচা বৰাই মেণ্ডেলৰ জীৱন আৰু কৰ্মপদ্ধতি সম্পৰ্কে দৃশ্যশ্ৰাব্য ব্যৱস্থাপনাৰে আলোকপাত কৰা সভাখনত প্লেন্ট ব্ৰিডিঙ এণ্ড জেনেটিক্স বিভাগৰ মুৰব্বী ড° কিশোৰ কুমাৰ শৰ্মাইও বক্তব্য আগবঢ়ায় । এই অনুষ্ঠানতে মেণ্ডেলৰ জন্ম শতবৰ্ষ উপলক্ষে আয়োজিত কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ৰিমঝিম বৰুৱা -বৈশালী কলিতা ৰ দল , দ্বিতীয় স্থান লাভ কৰা ভাস্কৰ জ্যোতি কলিতা -বিপ্লৱ টাই ৰ দল আৰু তৃতীয় স্থান লাভ কৰা দীপজ্যোতি বৰ্মণ- অৰ্পণ বুঢ়াগোহাই ৰ দলক পুৰস্কাৰ প্ৰদান কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in