অসম

নৱমী পূজাৰ দিনাই ওলাই গৈছিল যুৱক, ডেৰ মাহ পাছত গছত ওলমি থকা মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিং: লামডিঙত অৰ্ধ গলিত অৱস্থাত সন্ধানহীন যুৱকৰ মৃতদেহ উদ্ধাৰ ৷ শুকুৰবাৰে লামডিং ইটাভাটা চাৰিআলিৰ দুই নং সাধুখুটিৰ অঞ্চলত জিতেন্দ্ৰ চৌহান নামৰ এজন যুৱকৰ মৃতদেহ সংৰক্ষিত বনাঞ্চলত এজোপা গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে লামডিং আৰক্ষীয়ে ৷

জানিব পৰামতে যোৱা ৪ অক্টোবৰত নৱমী পূজাৰ দিনা ঘৰৰ পৰা ওলাই গৈছিল যুৱক জন ৷ পৰৱৰ্তী সময়ত যুৱকজনৰ শুংসূত্ৰ পোৱা নাছিল পৰিয়ালৰ লোকে ৷ নিৰুদেশ হোৱাৰ পিছতেই যুৱকজনৰ পৰিয়ালৰ লোকে লামডিঙ থানাত গোচৰ ৰুজু কৰিছিল। কিন্তু সন্ধান পোৱা নাছিল যুৱকজনৰ ।

প্ৰায় ডেৰ মাহৰ অন্তত যুৱকজনৰ ঘৰৰ পৰা দুই কিলোমিটাৰ নিলগত থকা লামডিঙ সংৰক্ষিত বনাঞ্চলত গাঁৱৰ লোকে প্ৰতক্ষ্য কৰে এটা কংকাল ৷ লগে লগে লামডিঙ আৰক্ষীক খবৰ দিয়াত মৃতদেহ উদ্ধাৰ কৰি চিনাক্ত কৰে ৷ উদ্ধাৰ হোৱা অৰ্ধগলিত মৃতদেহটো ১৬ বছৰীয়া জিতেন্দ্ৰ চৌহান বুলি পৰিয়ালৰ লোকে চিনাক্ত কৰে ৷ লামডিঙ আৰক্ষীৰ তদন্তত হে সমগ্ৰ ঘটনা পোহৰলৈ আহিব এয়া হত্যা নে আত্মহত্যা ৷

আৰু পঢ়ক: ভাৰতৰে এইখন গাঁৱত নিষিদ্ধ মোবাইল ফোন! ব্যৱহাৰ কৰিলে ভৰিব লাগিব জৰিমনা...