অসম

অইল ইণ্ডিয়া লিমিটেডৰ ৰাজহুৱা শৌচাগাৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দুলীয়াজানৰ মাজমজিয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ ৰাজহুৱা শৌচাগাৰত উদ্ধাৰ হৈছে এটা অচিনাক্ত মৃতদেহ। দুলীয়াজানৰ চেণ্টজেভিয়াছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমীপৰ অইলৰ ৰাজহুৱা শৌচাগাৰত সংঘটিত হৈছে এই ঘটনা।

শৌচাগাৰৰ এটা কোঠাত ভিতৰৰ পৰা বন্ধ কৰি থোৱা মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই মৃতদেহটো।