Guwahati traffic
Guwahati traffic 
অসম

কিমান সুৰক্ষিত গুৱাহাটী! নিৰুদ্দেশ হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

Asomiya Pratidin

ডিজিটেল ডেস্ক: অপৰাধৰ হাবলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী। নিতৌ হত্যাকাণ্ড সংঘটিত হোৱাৰ খবৰে চিন্তিত কৰি তুলিছে। কিমান সুৰক্ষিত গুৱাহাটী মহানগৰী তাক লৈ সৃষ্ট হৈছে প্ৰশ্নৰ।

শুকুৰবাৰে পুনৰ গুৱাহাটীত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ। গুৱাহাটী ক্লাবৰ ৰে’লৰ বীজৰ ওপৰত উদ্ধাৰ মৃতদেহটো। মৃত যুৱকজন লুটফুৰ ৰহমান বুলি চিনাক্ত হৈছে। জানিব পৰা মতে লুটফুৰৰ ঘৰ গোৱালপাৰাত।

কেইবাদিন ধৰি নিৰুদ্দেশ হৈ আছিল লুটফুৰ। তাৰ পাছকেই আজি উদ্ধাৰ হয় মৃতদেহ। হত্যা কৰি কোনো লোকে পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে একাংশই। ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক অনুসন্ধান আৰম্ভ কৰিছে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত পল্টনবজাৰ আৰক্ষীৰ। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে মৃতদেহটো।