দৰংত বিশ্ব হেড এণ্ড নেক কেঞ্চাৰ দিৱস পালন...
দৰংত বিশ্ব হেড এণ্ড নেক কেঞ্চাৰ দিৱস পালন... 
দৰং

দৰংত বিশ্ব হেড এণ্ড নেক কেঞ্চাৰ দিৱস পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ দৰংঃ দৰং জিলাৰ মঙলদৈত থকা কেঞ্চাৰ কেন্দ্ৰত দৰং জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত দৰং, কেঞ্চাৰ কেন্দ্ৰ আৰু গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ সহযোগত বৃহস্পতিবাৰে বিশ্ব হেড এণ্ড নেক কেঞ্চাৰ দিৱস পালন কৰে। সেই অনুসৰি ৰাতিপুৱা ১০ বজাত দৰং জিলাৰ উপ-স্বাস্থ্য কেন্দ্ৰৰ CHO সকলৰ উপস্থিতিত এক সভা অনুষ্ঠিত হয়।

উক্ত সভাত উপস্থিত থাকে দৰং জিলাৰ আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে , দৰং জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নিৰ্মল বেৰীয়া, মুম্বাইৰ টাটা মেমৰিয়েল হাস্পটালৰ ছিনিয়ৰ প্ৰজেক্ট মেনেজাৰ চাৰুনা গৌৰ, গুৱাহাটীৰ বি.বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ সঞ্চালক বিভুটি বৰঠাকুৰ, বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ হেড এণ্ড নেক চাৰ্জাৰী বিভাগৰ মুৰব্বী চিকিৎসা বিষয়া ডাঃ তেহচিন ৰহমান, ডাঃ অশোক কুমাৰ দাস,ডাঃ ৰাজজ্যোতি দাস, বৰপেটা কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডাঃ কিৰন কমলাসানন, দৰং জিলা স্বাস্থ্য বিভাগৰ ডিপিচি গীতিকা দত্তৰ লগতে কেইবাগৰাকীও চিকিৎসক।

অনুষ্ঠানৰ আদৰণি ভাষণ আৰু দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ চিকিৎসা সম্পৰ্কীয় বিষয়ৰ ওপৰত বক্তব্য আগবঢ়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক ডাঃ চৈয়দ ইফটিখাৰ চোভানীয়ে। আবেলি ৩ বজাত দৰং জিলাৰ প্ৰশানৰ লোক, দৰং জিলা স্বাস্থ্য বিভাগৰ চিকিৎসক, দৰং জিলাৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, সাংবাদিকক লৈ এক বিশেষ সভা অনুষ্ঠিত কৰি দৰং জিলাৰ কেঞ্চাৰ ৰোগৰ সম্পৰ্কত আলোচনা হয় ।

উক্ত কাৰ্যসূচীত উপস্থিত থাকি বক্তব্য আগবঢ়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক, দৰং জিলা স্বাস্থ্য বিভাগৰ চিকিৎসক,বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ চিকিৎসকসকলৰ লগতে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ উৎপল বৰুৱা, দৰং জিলাৰ আই এছ বিষয়া তথা সহকাৰী আয়ুক্ত, সৃষ্টি সিং, দৰং জিলাৰ অতিৰিক্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰা,ডাঃ প্ৰশান্ত গোস্বামী, দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডাঃ মানস ৰঞ্জন সেনাপতি,ডাঃ সীবা সেন্টমেয়ৰ । অনুষ্ঠানৰ আঁত ধৰাৰ লগতে শলাগৰ শৰাই আগবঢ়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়াই।