দৰং

আৰক্ষী থানাৰ ওচৰতে থকা মন্দিৰৰ চিচি কেমেৰা ভাঙি চোৰে লৈ গ'ল মূল্যৱান সামগ্ৰী

Asomiya Pratidin

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈ আৰক্ষী থানাৰ আশা-পাশে থকা এটি মন্দিৰত দেওবাৰে নিশা চুৰি কাণ্ড সংঘটিত হয়। মঙলদৈৰ নিকটৱৰ্তী গেৰিমাৰীৰ হৰ-গৌৰী আশ্ৰমত সংঘটিত হয় এই চুৰি কাণ্ড।

জানিব পৰামতে চোৰে মন্দিৰৰ চি চি কেমেৰা ভাঙি লৈ যায় বহু মূল্যৱান সা সামগ্ৰী। চোৰে চি চি কেমেৰা ভঙাৰ লগতে কিছু আচবাব আশ্ৰমৰ পুখুৰীত পেলাই দিয়া বুলি জানিবলৈ দিয়ে।

আশ্ৰমখনৰ ভিতৰত থকা সোণ-ৰূপৰ,আ-অলংকাৰ,মাইকছেট,ইনভাৰটাৰৰ লগতে সা সম্পত্তি লৈ যায়। ইয়াৰোপৰি ধৃত চোৰে পুথি-পাজিসমূহো নষ্ট কৰে।

উল্লেখযোগ্য যে, মঙলদৈ সদৰ থানা আৰু আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় পৰা আশ্ৰমখনৰ দূৰত্ব মাত্ৰ ২০০ মিটাৰ। এতিয়া এই বিষয়টোৱে সচেতন মহলত চৰ্চিত হৈছে।

স্মৰ্তব্য যে, কেইমাহমান পূৰ্বেও এই আশ্ৰমখনত চুৰি কাণ্ড সংঘটিত হৈছিল। আৰক্ষী থানাৰ ওচৰতে থকা অঞ্চলটোত দৈনিক বৃদ্ধি পায় অহা চোৰৰ অতপালিৰ পৰা পৰিত্ৰাণ বিচাৰি সচেতন ৰাইজে প্ৰশাসনৰ ওচৰত দাবী জনায়।