প্ৰধানমন্ত্ৰী মোডী আৰু হিমন্ত বিশ্ব শৰ্মাৰ সুশাসনলৈ ৰাইজ আকৰ্ষিতঃ মন্ত্ৰী পীযুষ হাজৰীকা...
প্ৰধানমন্ত্ৰী মোডী আৰু হিমন্ত বিশ্ব শৰ্মাৰ সুশাসনলৈ ৰাইজ আকৰ্ষিতঃ মন্ত্ৰী পীযুষ হাজৰীকা... 
দৰং

প্ৰধানমন্ত্ৰী মোডী আৰু হিমন্ত বিশ্ব শৰ্মাৰ সুশাসনলৈ ৰাইজ আকৰ্ষিতঃ মন্ত্ৰী পীযুষ হাজৰীকা...

Asomiya Pratidin

ডিজিটেল সংবাদ দৰংঃ "অসমত অন্য দলৰ অস্তিত্ব নাই, সেইবাবেই বিজেপিলৈ ৰাজনৈতিক নেতাৰ লগতে বহু অৰাজনৈতিক নেতাৰ আগমণ ঘটিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সুশাসনত আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সুশাসনত ৰাইজ আকৰ্ষিত হৈছে। তেনে আদৰ্শৰে অনুপ্ৰাণিত হৈ বাকী বিভিন্ন দলৰ নেতাসকলো বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে। সেইবাবেই বৰ্তমানে বিজেপিৰ প্ৰতি অন্য দলৰ নেতা, কৰ্মীৰ আগমণ ঘটিছে।''

আজি সাংবাদিকৰে হোৱা মুখামুখিত বহু ৰাজনৈতিক নেতাৰ লগতে অৰাজনৈতিক নেতাৰ বিজেপিত যোগদানত কৰা সন্দৰ্ভত এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। তেওঁ লগতে কয় যে, বিজেপিৰ প্ৰতি এনে আস্থাৰ বাবেই ভাৰতবৰ্ষ তথা অসমত বেলেগ দলৰ অস্থিত্ব নাই।

নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ'ব। অসমতো আগন্তুক লোকসভা নিৰ্বাচনত ১২ খন আসনত বিজেপি জয়ী হোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই। যিসকলে আজি বিজেপি দলত যোগদান কৰিছে সকলোকে দললৈ উস্ম আদৰণি জনায় মন্ত্ৰীগৰাকীয়ে।

"ঐতিহাসিক পথৰুঘাটৰ ৰণ"ত ১৮৯৪ চনৰ আজিৰ দিনটোতেই ১৪০ গৰাকীকৈ মহান কৃষকে প্ৰাণ ত্যাগৰ অতুল্য বলিদানক সুঁৱৰি তথা তেখেতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে দৰং জিলাৰ কৃষক ছহিদ সমাধিক্ষেত্র, পথৰুঘাটত অসম চৰকাৰৰ কৃষি বিভাগ, দৰং জিলা প্রশাসনৰ সৌজন্যত আৰু দৰঙী ৰাইজৰ সহযোগত "কৃষক ছহিদ দিৱস উদযাপন আৰু ৰাইজমেলা"ত আজিৰ কাৰ্যসূচীত উপস্থিত থাকি মহান কৃষক ছহিসকলৰ প্ৰতি বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে।

মহান কৃষক ছহিদসকলৰ অতুল্য আত্মবলিদান, স্বদেশপ্ৰেম, সাহসৰ অনুপম নিদর্শনে আমাক ৰাষ্ট্ৰসেৱাৰ প্ৰতি প্ৰতিপল অনুপ্ৰাণিত কৰি আহিছে। এই অতুল্য-অনুপম ত্যাগক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সহৃদয়তাৰে শ্ৰদ্ধা যাচে মন্ত্ৰীগৰাকীয়ে। আজিৰ এই অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া, বিধায়ক পৰমানন্দ ৰাজবংশী, বিধায়ক মুজিবুৰ ৰহমান, পদ্মশ্ৰী ইলিয়াচ আলি, বিশিষ্ট লেখক দিগন্ত বিশ্ব শৰ্মা, দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, বিশিষ্ট শিল্পী বীৰেণ সিংহ, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ অধ্যক্ষ ডা° অচ্যুত বৈশ্য, বিজেপি কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য সহিতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।