দৰং

মঙলদৈত অঘটন : দুৰ্বৃত্তৰ আক্ৰমণত আহত দুজন

Asomiya Pratidin

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈত গণতন্ত্ৰ দিৱসৰ দিনাই ছুৰিকাঘাটত দুজন লোক আহত হ'ব লগা হয়। মঙলদৈৰ চিৰসেউজী চাপৰিত দুই ফৈদৰ মাজত ভয়ানক সংঘৰ্ষৰ ফলতে উক্ত ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

পোহৰলৈ অহা তথ্য অনুসৰি চোকা অস্ত্ৰৰে দুৰ্বৃত্তই সঞ্জীৱ নাথ আৰু ৰূপম শইকীয়া নামৰ লোক দুজনক ঘপিয়াওৱাৰ ফলত গুৰুতবৰভাৱে আঘাতপ্ৰাপ্ত হয়। গ্লাছ, লাঠিৰেও আক্ৰমণ কৰা বুলি এক সূত্ৰত প্ৰকাশ।

উল্লেখযোগ্য যে বনভোজ খাবলৈ ৯ জনীয়া যুৱকৰ দল এটা গৈছিল চিৰসেউজী চাপৰিলৈ ৷ ভোজ ভাত খাই উভতি অহাৰ বাটতে শুকুৰবাৰে সন্ধিয়া ৪০ নম্বৰ নামৰ অঞ্চলটিত অচিনাকক্ত দল এটাই বাট আগচি ধৰি বনভোজকাৰী দলটোক আক্ৰমণ কৰে।

ফলত দুজন লোক আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত সঞ্জীৱ নাথ আৰু ৰূপক শইকীয়াক স্থানীয় ৰাইজৰ সহযোগত ইতিমধ্যে চিকিৎসালৈ প্ৰেৰণ কৰা হৈছে। এজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ পঠোৱাৰ লগতে আনজনক মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। অৱশ্যে এই সমগ্ৰ ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।