দৰং

মঙলদৈত বিশ্ব সংস্কৃত সন্মিলন উদ্বোধন ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াৰ

Asomiya Pratidin

ডিজিটেল সংবাদ,মঙলদৈ : লোকভাষা প্ৰচাৰ সমিতি ভাৰতৰ উদ্যোগত, মঙলদৈ সনাতন ধৰ্মসভা আৰু দৰং জিলা সংস্কৃত শিক্ষক সমিতিৰ সহযোগত মঙলদৈত আৰম্ভ হোৱা বিশ্ব সংস্কৃত সন্মিলন বুধবাৰে বিয়লি ৩-০০ বজাত উদ্বোধন কৰে ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়াই। উদ্বোধনী ভাষণত ৰাজ্যপালগৰাকীয়ে কয়- যেতিয়া বিশ্বৰ মানুহ কেনেকৈ বসবাস কৰিব লাগে তাকেই নাজানিছিল, তেতিয়া ভাৰতত দেৱ-দেৱী সকলে উৰাজাহাজত অহা যোৱা কৰিছিল।

তেওঁ লগতে ভাৰতীয় ঐতিহ্যক হৃদয়াংগম কৰিব লাগিব, তাক চৰ্চা কৰিব লাগিব। আমাৰ হিন্দুস্তানত সংস্কৃত ভাষা ব্যৱহাৰ নোহোৱাকৈ কোনো শুভ কামেই নহয় বুলি উল্লেখ কৰে। তেওঁ লগতে কয় 'অতীতৰ সংস্কৃতিৰ লগত বৰ্তমান আৰু ভৱিষ্যক সংযোগ কৰিব লাগিব।'

লোকভাষা প্ৰচাৰ সমিতি, ভাৰতৰ সচিব কুশল কলিতাই আঁত ধৰা এই সভাত আদৰণি সমিতিৰ সভাপতি, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে সংস্কৃত ভাষাত আদৰণি ভাষণ প্ৰদান কৰে। এই সভাত বিশ্ব বৰেণ্য সংস্কৃত পণ্ডিত, গুজৰাটৰ বি এ পি এচ স্বামী নাৰায়ণ সংস্থাৰ মহামহোপাধ্যায় ড৹ ভদ্ৰেশ দাস সাধুই দিব্য অতিথিৰ ভাষণত কয়- 'আমাৰ বেদ বোৰ হৈছে বিজ্ঞানৰ মহাসাগৰ। ভাৰতে বিশ্বক আগতেও শিকাইছিল আৰু এতিয়াও শিকাই আছে বুলি উল্লেখ কৰে। তেওঁ লগতে কয়- 'ভাৰত দেশ অকল শিক্ষাৰ ভূমিয়েই নহয়, ই আয়ুৰ্বেদৰ দেশ।

লোকভাষা প্ৰচাৰ সমিতিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ ড৹ সদানন্দ দিক্ষীতৰ সঞ্চালনাত হোৱা এই উদ্বোধনী অনুষ্ঠানত সাংসদ দিলীপ কুমাৰ শইকীয়া, নলবাৰীস্থিত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰহ্লাদ আৰ যোশী, কাঠমাণ্ডু সংস্কৃত বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ কাশীনাথ নৌপানে, বাংগালুৰুৰ আস্থান বিদ্বান উত্তৰাদি মঠৰ বিদ্বান শশীধৰ আচাৰ্য, জিলাৰ আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে আদি উপস্থিত থাকে।

সন্ধিয়া হোৱা 'বিশ্ব সংস্কৃতম্, আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ উদ্বোধন কৰে সাংসদ দিলীপ কুমাৰ শইকীয়াই। আনহাতে সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব মনিদীপা বৰঠাকুৰে।

ইয়াৰ পূৰ্বে পুৱা ৭-০০ বজাত সনাতন ধৰ্মসভাৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত বন্তি প্ৰজ্বলন কৰা হয়। আনহাতে ৯-০০ বজাত ৰাষ্ট্ৰীয় অধ্যক্ষ ড৹ সদানন্দ দিক্ষীতে মূল ধৰ্মধ্বজা উত্তোলন কৰে।

আনহাতে সাংসদ দিলীপ কুমাৰ শইকীয়াই দিনৰ ১১-০০ বজাত উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বাৰেৰহণীয়া সংস্কৃতি উদ্ভাসিত হয়।