মঙলদৈত মাটিৰ অভাৱত আজিও নিৰ্মাণ কৰিব পৰা নাই পলিটেকনিক কলেজ

মঙলদৈত মাটিৰ অভাৱত আজিও নিৰ্মাণ কৰিব পৰা নাই পলিটেকনিক কলেজ

author-image
Asomiya Pratidin
New Update
মঙলদৈত মাটিৰ অভাৱত আজিও নিৰ্মাণ কৰিব পৰা নাই পলিটেকনিক কলেজ

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈৰ স্থানীয় ৰাইজৰ অসযোগিতাৰ বাবেই আজিও নিৰ্মাণ হৈ উঠা নাই মঙলদৈ পলিটেকনিক কলেজ। বুধবাৰে শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু চহৰখনত উপস্থিত হয়। তেওঁ কয় যে, মঙলদৈৰ একাংশ ৰাইজে পলিটেকনিক নিৰ্মাণ কৰাৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ত গোচৰ তৰিছিল। তেওঁলোকৰ অসহযোগিতাৰ বাবেই সম্প্ৰতি নিৰ্মাণ হৈ উঠা নাই।

Advertisment

উল্লেখযোগ্য যে পলিটেকনিখনত চাকৰি বিচাৰি একাংশ ৰাইজে কলেজখন নিৰ্মাণত বাধা দিছিল। মঙলদৈৰ নিকটৱৰ্তী চপাই শালৈপাৰাত ৭ বছৰ পূৰ্বে মঙলদৈ পলিটেকনিক কলেজৰ আধাৰশিলা কৰিছিল।

স্থানীয় ৰাইজৰ এটাই দাবী- আমাক চাকৰি দিয়ক নহ'লে আমি মাটি এৰি নিদিও। উপায়ন্তৰ হৈ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে বুধবাৰে উপস্থিত হৈ ক'লে- চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰে নিৰ্মাণ কৰিব নোৱাৰে।লগতে কয় যে,পলিটেকনিকখনৰ মাটিখিনি উচ্চ ন্য়ায়ালয়ৰ বিচাৰধীন হৈ আছে যাৰ বাবে নিৰ্মাণ কাৰ্য কৰিব পৰা হোৱা নাই।

Also Read: মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবক সাক্ষাৎ শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ গৱেষণা কেন্দ্ৰৰ প্ৰতিনিধিৰ

ranoj pegu college