দৰং

দৰং জিলা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলা সাহিত্য সভাৰ ২০২৩-২০২৫ বৰ্ষৰ একাদশ বিশেষ বাৰ্ষিক গৰুখুটি অধিৱেশনখনি গৰুখুটি স্বৰ্ণ শাখা সাহিত্য সভাৰ উদ্যোগত দেওবাৰে বৰাগীঝাৰত সফলতাৰে সম্পন্ন হৈ যায়। এই অধিৱেশনতে সাহিত্য, যুৱ সাহিত্য, সংবাদ সেৱা আৰু সমাজ সেৱাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগোৱা দৰঙৰ চাৰিগৰাকী ব্যক্তিক দৰং জিলা সাহিত্য সভাই সন্মান প্ৰদান কৰে। সেই অনুসৰি অসমৰ এগৰাকী বিদগ্ধ সংস্কৃত পণ্ডিত, সু-সাহিত্যিক মতিদেৱ শাস্ত্ৰীক জিলা সাহিত্য সভাৰ 'সাহিত্য সন্মান', দৰং জিলাৰ মঙলদৈৰ নিকটৱৰ্তী হাজৰিকাপাৰাৰ নমিতা চহৰীয়াক 'যুৱ সাহিত্য সন্মান', প্ৰায় অৰ্ধশতক বছৰ ধৰি সংবাদ সেৱা আগবঢ়াই অহা মঙলদৈৰ পৰা প্ৰকাশিত সাপ্তাহিক 'মঙ্গল বাতৰি'ৰ মুখ্য সম্পাদক প্ৰশান্ত বৰুৱাক 'সংবাদ সেৱা সন্মান' আৰু দেওমৰনৈ কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মতিৰাম শইকীয়াক 'সমাজ সেৱা সন্মান' প্ৰদান কৰা হয়।

কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ৮-৫৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে। ৯-০০ বজাত স্মৃতি তৰ্পণ কাৰ্যসূচীত মুখ্য তৰ্পক হিচাপে অংশগ্ৰহণ কৰে গৰুখুটি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি উপেন কুমাৰ নাথে। ১০বজাৰ পৰা আৰম্ভ হয় জিলা সাহিত্য সভাৰ প্ৰতিনিধি সভা আৰু ২বজাত অনুষ্ঠিত হয় মুকলি সভা। দৰং জিলা সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক গৰুখুটি অধিৱেশনৰ মুকলি সভাত সভাপতিত্ব কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে।

অসম সাহিত্য সভাৰ ধনভৰালী মিহিৰ কুমাৰ বৰুৱা, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালৰ সহযোগী অধ্যাপক ড০ অৰূপ কুমাৰ নাথ, মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ লোকেশ্বৰ নাথ, ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া সন্মানীয় অতিথি হিচাপে সভাত উপস্থিত থাকে।

মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মা, অসম সাহিত্য সভাৰ সম্পাদক সৎৰাম ডেকা, সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী, ৰাজ্যিক কাৰ্যনিৰ্বাহক মুকুট হাজৰিকা, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৃথুৰাম বৰুৱা, চহিৰ ভুঞা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ।

অনুষ্ঠানত দৰং জিলা সাহিত্য সভাৰ ৪৪ সংখ্যক পত্ৰিকা খনি উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মাই। গৰুখুটি শাখা সাহিত্য সভাৰ স্মৰণিকা 'গৰুখুটি দৰ্পণ' উন্মোচন কৰে ছিপাঝাৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অক্ষয় কুমাৰ নাথে । উল্লেখ্য যে মুকলি সভাত বিভিন্ন সন্মান প্ৰদান কৰা বিশিষ্ট ব্যক্তি সকলক মানপত্ৰ , ফুলাম গামোছা, চেলেং চাদৰ আৰু গ্ৰন্থৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হ'য় ।