দৰঙত জিলা পথ সুৰক্ষা সমিতিৰ বিশেষ সভা

দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বুধবাৰে জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
দৰঙত জিলা পথ সুৰক্ষা সমিতিৰ বিশেষ সভা

ডিজিটেল সংবাদ,‌ মঙলদৈঃ দৰঙৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বুধবাৰে জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ পথ সুৰক্ষা আৰু পথ দুৰ্ঘটনা ৰোধ কৰা সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়।

Advertisment

সভাত পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যুৱপ্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। জিলা পৰিবহন বিষয়াগৰাকীয়ে ইতিমধ্যে বাটৰ নাট আদিৰে এনে সজাগতা সৃষ্টিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি সভাত অৱগত কৰে। জিলা আয়ুক্তগৰাকীয়ে এই সজাগতা ব্যাপক হাৰত বৃদ্ধিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।

জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে সভাত উপস্থিত থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ প্ৰতিনিধি বিষয়াকেইগৰাকীক জিলাখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত হোৱা গাঁতসমূহৰ সমস্যা আঁতৰোৱাৰ বাবে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কয়। এই ক্ষেত্ৰত কাম কিছুদূৰ আগবাঢ়িছে যদিও বাকী থকা কামখিনি শীঘ্ৰে সম্পূৰ্ণ কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

মঙলদৈৰ ট্ৰেফিক ছিগনেলসমূহত প্ৰয়োজনীয় লাইট, কৰ্তব্যৰত যানবাহন আৰক্ষীৰ বাবে উপযুক্ত শ্বেদ নিৰ্মাণৰ কাম-কাজৰ অগ্ৰগতিৰ বিষয়েও সভাত পৰ্যালোচনা কৰা হয়। ইফালে মঙলদৈ চহৰত ই-ৰিক্সাই সৃষ্টি কৰা সমস্যাৰ বিষয়ে সভাত গুৰুত্ব সহকাৰে আলোচনা কৰা হয়।

জিলা আয়ুক্তগৰাকীয়ে মঙলদৈ পৌৰসভা আৰু ই-ৰিক্সা চালকৰ সংগঠনৰ লগতে সংশ্লিষ্ট সকলোৰে সৈতে আলোচনা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা পৰিবহন বিষয়াক নিৰ্দেশ দিয়ে। ঐতিহ্যমণ্ডিত খটৰা সত্ৰত আগন্তুক পাচেতি উৎসৱৰ সময়ত যাতায়তৰ সু-ব্যৱস্থা তথা যান-বাহনৰ নিয়ন্ত্রণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও জিলা আয়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।

উল্লেখ্য যে, সভাত পথ সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে যানবাহন- পৰিবহনৰ বিভিন্ন সংস্থা-সমিতি আৰু সামাজিক অনুষ্ঠানৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Also Read: আৰক্ষীৰ জালত ভুৱা জাতিগত প্ৰমাণ-পত্ৰ দিয়া যুৱক

Darrang DC