দৰং

বৃক্ষ ৰোপনেৰে বিশ্ব অভিলেখ: দৰঙত সাজু ৩ লাখ গছপুলি

Asomiya Pratidin

ডিজিটেল সংবাদ,‌ মঙলদৈঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১ কোটি বানিজ্যিক গছ পুলি ৰোপনেৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰচেষ্টা ৷ দৰং জিলা বন বিভাগে তিনি লাখ গছপুলি দুমুিচকী, দলগাওঁ , চৌধুৰীপাৰা, বৈৰগীঝাৰত সাজু কৰিছে ৷

অহা ১৭ চেপ্তেম্বৰত এই গছ সমুহ ৰোপন কৰি বিশ্ব অভিলেখ গঢ়িব অসমে ৷ মঙলদৈত খণ্ড বন বিভাগে মঙলদৈত প্ৰায় দেৰলাখ গছপুলি সাজু কৰিছে বুলি জানিব দিয়ে মঙলদৈ বন বিভাগে।