দৰং

দৰঙত ক'লা সোণ ভৰ্তি ৬ খন ট্ৰাক, আৰক্ষী-পৰিবহন বিভাগৰ হাতত নাই কোনো তথ্য...

Asomiya Pratidin

ডিজিটেল সংবাদ, দৰংঃ নিশাৰ আন্ধাৰত ট্ৰাকে ট্ৰাকে কয়লাৰ পৰিবহন অব্যাহত থকাৰ মাজতে মঙলদৈৰ সমীপৱৰ্তী মেনাপাৰাত হঠাৎ ৬ খনকৈ কয়লা ভৰ্তি ট্ৰাকে ৰহস্যজনক ভাৱে অৱস্থান কৰিছে। বিগত ৩ নিশা মেনাপাৰা তেলডিপো চৌহদত ট্ৰাক সমূহ ৰখাই থোৱা হৈছে যদিও বিষয়টো সন্দৰ্ভত দৰঙৰ আৰক্ষী অথবা পৰিবহন বিভাগ মুঠেও অৱগত নহয়।

কয়লা ভৰ্তি ট্ৰাক সমূহ আওপকীয়াকৈ নিয়ন্ত্ৰণ কৰিছে ছিপাঝাৰৰ এটা যুৱকৰ দলে। ট্ৰাকৰ চালকেই ফাদিল কৰিছে এই চাঞ্চল্যকৰ তথ্য। উল্লেখ্য যে, মঙলদৈ আৰু ধূলা থানাৰ সীমামূৰীয়া মঙলদৈ মেনাপাৰাৰ তেলডিপো চৌহদত বিগত ৩ দিন ধৰি ডব্লিউবি ৫৯ ডি ০১৬৩, ইউপি ৬০ এটি ২৭৮৮, এএচ ০১ এমচি ৬০৭০, এনএল ০১ অচি ২০৬৯, ডব্লিউবি ৫৯চি ৮৫৮২ আৰু ডব্লিউবি ৪১ জে ৭৮৫৮ পঞ্জীয়ন নম্বৰৰ কয়লা ভৰ্তি ৬ খন বহু অক্ষীয় বাহন কৌশলেৰে ৰখাই থোৱা হৈছে।

বাহন সমূহ অত্যন্ত কৌশলেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত ৰখাই থোৱা হৈছে যদিও আৰক্ষী অথবা হোমগাৰ্ড, পৰিবহন বিভাগৰ কোনো কৰ্মচাৰীয়ে কিন্তু পহৰা দিয়া নাই। বিপৰীতে বাহন চালকে সদৰি কৰা অনুসৰি, ছিপাঝাৰৰ এক যুৱকৰ দলে নিশাৰ ভাগত ট্ৰাকৰ সমীপত লঘু বাহন ৰখাই পহৰা দিয়ে গাড়ী সনূহ।

আশ্চৰ্যজনক এয়ে যে, ট্ৰাক সমূহ মাৰ্ঘেৰিটাৰ কয়লা খনিৰ পৰা লোডিং কৰাটো অৱগত যদিও কয়লা ভৰ্তি ট্ৰাক সমূহ কলৈ লৈ যাব সেয়া অৱগত নহয়। আনকি গাড়ীত কোনো নথিও নাই, যিবোৰ নথি আছিল ছিপাঝাৰৰ যুৱকৰ দলটোৱে লৈ গৈছে। গতিকে নিশাৰ ভাগত ট্ৰাকৰ চালক-কৰ্মচাৰীয়ে কোনো তথ্যই সদৰি কৰিব নোৱাৰিলে। বিষষটো দৰং আৰক্ষীক অৱগত কৰাত তেওঁলোক জ্ঞাত নহয় বুলি প্ৰকাশ কৰে।

জিলা পৰিবহন বিভাগে অভাৰলোডিং অথবা আন পৰিবহন বিষয়ক বিসংগতিৰ বাবে জব্দ কৰাটো অস্বীকাৰ কৰিছে। দৰঙৰ বিভাগ সমূহে ইমানবোৰ অজ্ঞাত, নাজানো উত্তৰৰ পাছত এতিয়া প্ৰশ্ন হৈছে, বিষয়টো জানে কোনে ? কয়লাৰ ট্ৰাক পাৰ কৰোৱা ছিপাঝাৰৰ যুৱকৰ দলটো কোন ? কোন সোমাল এইবাৰ ক'লা সোণৰ কণী পৰা ব্যৱসায়ত?