দৰং

কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থীৰ নাম ঘোষণা

Asomiya Pratidin

ডিডিটেল সংবাদ, কোকৰাঝাৰঃ সমাগত লোকসভা নিৰ্বাচন। আজি ঘোষণা হ'ব লোকসভা নিৰ্বাচনৰ দিন । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীসমূহো ব্যস্ত হৈ পৰিছে ভোটাৰক আকৰ্ষণ কৰিবলৈ। ৰাজ্যখনৰ আন আন সমষ্টিৰ লগতে কোকৰাঝাৰ, দৰং-ওদালগুৰি লোকসভা সমষ্টিতো ইতিমধ্যে দলসমূহে নিৰ্বাচনৰ প্ৰচাৰ প্ৰক্ৰিয়া প্ৰায় আৰম্ভ কৰিছে।  

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ প্ৰাকমুহূৰ্তত কোকৰাঝাৰ, দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে বিপিএফ দলেও প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। কোকৰাঝাৰ, দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বাবে বিপিএফৰ প্ৰাৰ্থী নাম ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে । কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব বিধায়ক খাম্পা বৰগয়াৰীয়ে। দৰং-ওদালগুৰি সমষ্টিৰ পৰা বিপিএফৰ হৈ প্ৰতিদ্বন্দিতা কৰিব বিধায়ক দূৰ্গাদাস বড়োয়ে ।