মংগলদৈ চহৰত 'ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস' উদযাপন
মংগলদৈ চহৰত 'ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস' উদযাপন 
দৰং

মংগলদৈ চহৰত 'ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস' উদযাপন

Asomiya Pratidin

ডিজিটেল সংবাদ,‌মঙলদৈঃ জিলা পৰিয়াল কল্যাণ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, দৰং,অসমৰ দ্বাৰা 'ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস' উদযাপন । মঙ্গলবাৰে 'ৰাষ্ট্ৰীয় কন্যা সন্তান দিৱস' মঙলদৈ চহৰৰ ইউথ ক্লাবত উদযাপন কৰা হয়।

উক্ত অনুষ্ঠানটিত দৰং জিলা প্রশাসনৰ হৈ সহকাৰী আয়ুক্ত, জিলা স্কুল পৰিদৰ্শক, ডি.আই.পি,আৰ,ও মনিকা বৰগোহাঁইয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে। ডা০ বিনোদ চন্দ্ৰ কলিতা, ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্য সঞ্চালক, দৰং দেৱে সভাপতিত্ব কৰে।

দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা সভাত উপস্থিত থাকি ভাষণত আজিৰ দিনটোৰ তাৎপৰ্য্য ব্যাখ্যা কৰে লগতে ইয়াৰ লগত জড়িত বিভিন্ন আইন সম্পর্কেও অৱগত কৰে। মঙলদৈ মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ লীনা শ‍ইকীয়া (মেজৰ) আৰু ডঃ বর্নালী ডেকা সমল ব্যক্তি হিচাপে উপস্থিত থাকি বহুমূলীয়া ভাষণ আগবঢ়ায়।

এ,এন,এম ট্ৰেইনিং চেন্টাৰ, দৰংৰ অধ্যক্ষা, দৰং জিলা মহিলা সমিতি, দৰং কেঞ্চাৰ কেয়াৰ চেন্টাৰৰ চিকিৎসক, নার্চ, আশাকর্মী, এ,এন,এম, সমাজ কল্যান বিভাগ, দৰং, সাংবাদিক বন্ধুসকল, Crystal Vision, Darrang (NGO), স্থানীয় ৰাইজ, চিকিৎসা বিষয়া আৰু চিকিৎসা কৰ্মীসকল সভাত উপস্থিত থাকে। সভাৰ শেষত ডা০ নিৰ্মল কুমাৰ বেৰীয়া, অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া (পৰিয়াল কল্যান), দৰং দেৱে শলাগৰ শৰাই আগবঢ়াই লগতে সভাৰ সমাপ্তি ঘোষণা কৰে।