মঙলদৈত আমছুৰ ২ ঘন্টিয়া অৱস্থান ধৰ্মঘট পালন...
মঙলদৈত আমছুৰ ২ ঘন্টিয়া অৱস্থান ধৰ্মঘট পালন... 
দৰং

মঙলদৈত আমছুৰ ২ ঘন্টিয়া অৱস্থান ধৰ্মঘট পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈত বৃহস্পতিবাৰে আমছুৱে ২ ঘন্টিয়া অৱস্থান ধৰ্মঘট পালন কৰে। চাৰিটা বিভিন্ন দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে।

আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হোৱা লোকসকলক অতি শীঘ্ৰে আধাৰ কাৰ্ড প্ৰদান কৰা, চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পাঠ্যপুথি যোগান বন্ধ কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, সংখ্যালঘু মুছলমান সকলক বসুন্ধৰা ২.০ আঁচনিত অন্তৰ্ভুক্ত কৰাৰ দাবীৰে এই ধৰ্মঘট কাৰ্যসূচী সাব্যস্ত কৰে।

ধৰ্মঘট কাৰ্যসূচীত আমছুৰ অৰ্ধশতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। আনহাতে আমছুই মঙলদৈ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এই দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে।