অসম

দক্ষিণ শালমাৰা সমবায় সমিতিত ভয়াৱহ দুৰ্নীতি

asomiyapratidin

ডিজিটেল ডেস্ক : ছাত্ৰ-ছাত্ৰীৰ নামত অহা বিদ্যালয়-অঙ্গনাবাড়ী কেন্দ্ৰৰ দুপৰীয়া আহাৰৰ চাউল কৰ্তনৰ অভিযোগ সমবায় সমিতিৰ সভাপতি,  সম্পাদকৰ বিৰুদ্ধে। চাউল কৰ্তনত একাংশ সদস্যই বাধা দিয়াৰ বাবে সমবায় সমিতি স্থানান্তৰৰ অপচেষ্টা। ব্যৱসায় কৰিব নোৱাৰি নিজৰ ঘৰৰ কাষতে সমবায় সমিতিৰ গুদাম স্থাপনৰ ষড়যন্ত্ৰত ক্ষুব্ধ জনতা।

সমবায় সমিতিৰ সভাপতি,  সম্পাদকৰ এই দুৰ্নীতিৰ অভিযোগ সমিতিখনৰ আন সদস্য লগতে উপ-সভাপতিৰ। উল্লেখ্য যে দক্ষিণ শালমাৰা সমবায় সমিতিৰ সভাপতি হাছিদুৰ ৰহমান আৰু সম্পাদক জনে গোপনে সমিতিখনৰ আন ৯জন সদস্যক লৈ ষড়যন্ত্ৰমূলক ভাৱে সমবায় সমিতিখন টুমনি বজাৰৰ পৰা পাটাকাটা বজাৰলৈ স্থানান্তৰ কৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

অভিযোগ মতে সমবায় সমিতিখনত প্ৰতি তিনি মাহৰ মূৰে মূৰে বিদ্যালয়ৰ দুপৰীয়া আহাৰ আৰু অঙ্গনাবাড়ী কেন্দ্ৰৰ নামত প্ৰায় ১৬০০ কুইণ্টল চাউল চৰকাৰী ভাবে আহে। কিন্তু উক্ত ১৬শ কুইণ্টল চাউলৰ পৰা প্ৰায় ৭০ কুইণ্টল চাউল সমিতিৰ সভাপতি আৰু সম্পাদকে কৰ্তন কৰি বাকী চাউল বিতৰণ কৰে।

একেদৰে সুলভ মূল্যৰ হিতাধিকাৰীৰ নামত অহা প্ৰায় ৩৭০০ কুইণ্টল চাউলৰ ভিতৰত প্ৰায় ৩৪ কুইণ্টল চাউল কৰ্তন কৰি মাহেকত সভাপতি আৰু সম্পাদকে মুনাফা লাভ কৰি অহাৰ গুৰুত্বপূৰ্ণ অভিযোগ তুলিছে সমিতিখনৰ আন কেবাজনো সদস্য আৰু উপ সভাপতিয়ে। সভাপতি,  সম্পাদকে চাউল কৰ্তন কৰি মুনাফা লোৱাৰ বিৰুদ্ধে সমিতিখনৰ উপ-সভাপতি আৰু আন একাংশ সদস্যই বাধা দিয়াৰ ফলত টুমনিৰ পৰা পাটাকাটাত সমিতিখন স্থানান্তৰ কৰিবলৈ জো-জা চলাই থকাত সাধাৰণ লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

 ইয়াক লৈ টুমনিত কালি স্থানীয় একাংশ সচেতন লোক,  সমিতিৰ সদস্য তথা উপ-সভাপতিৰে এক ৰাজহুৱা সভাৰ আয়োজন কৰি সমিতিখন পাটাকাটালৈ নিয়া নহয় তাৰ বাবে জিলা প্ৰশাসনক এখন লিখিত অভিযোগ দাখিল কৰে।