কমনৱেলথ গেমছত ভাৰতৰ পদক হ’লগৈ ১৪

কমনৱেলথ গেমছত ভাৰতৰ পদক হ’লগৈ ১৪

ডিজিটেল ডেস্ক :  কমনৱেলথ গেমছত ভাৰতে লাভ কৰিলে পুনৰ এক পদক। ভাৰোত্তোলনৰ ১০৯ কেজি শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিলে লভপ্ৰীত সিঙে। ভাৰতে এতিয়ালৈ মুঠ ১৪টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে ব্ৰঞ্জৰ পদক হ'লগৈ ৪টা।

লভপ্ৰীত সিং ভৰতীয় নৌ সেনাৰ এজন বিষয়া। ক্লিন এণ্ড জাৰ্ক শাখাত লভপ্ৰীত সিঙে তিনিওটা প্ৰচেষ্টাত ১৮৫ কেজি, ১৮৯ কেজি, ১৯০ কেজিত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

ইয়াকে ধৰি তেওঁৰ পূৰ্বৰ ৰেকৰ্ড ৩৫০ কেজিৰ পৰা ৩৫৫ কেজি নিজৰ ৰেকৰ্ড ভংগ কৰি নেশ্যনেল ৰেকৰ্ড গঢ়ে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি ৰাষ্ট্ৰ্পতি আৰু আন বহুলোকে লভপ্ৰীতক জনাইছে অভিনন্দন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in