অসম

শান্তিৰ বাৰ্তা লৈ চিৰাঙৰ কাজলগাঁৱত স্বেচ্ছাসেৱী সংগঠনৰ চাইকেল শোভাযাত্ৰা...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত শান্তিৰ বাৰ্তা লৈ চিৰাঙৰ কাজলগাঁৱত ইণ্ডো-গ্লোবেল চছিয়েল ছাৰ্ভিচ নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত আৰু এএচ ২৬ ৰাইডাৰ্ছ গ্ৰুপৰ সহযোগত চাইকেল শোভাযাত্ৰা উলিওৱা হয় ।

চিৰাং আৰু কোকৰাঝাৰ জিলা সাঙুৰি লৈ দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা এই চাইকেল শোভাযাত্ৰাৰ আজি পতাকা জোকাৰি শুভাৰম্ভ কৰে অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মাই ।

কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা যাত্ৰা কৰা এই চাইকেল সমদল চিৰাং আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ত গৈ সমাজত শান্তিৰ পৰিৱেশ বজাই ৰাখিবলৈ যুৱ প্ৰজন্মই কি কি ভূমিকা পালন কৰিব লাগিব তাৰ ওপৰত আলোচনা সভা অনুষ্ঠিত কৰি যাব বুলি উদ্যোক্তা সকলে সদৰি কৰে ।