অসম

সৰুপথাৰত চুতীয়া জনগোষ্ঠীৰ সাংস্কৃতিক কৰ্মশালাৰ শুভাৰম্ভ

Asomiya Pratidin

ডিজিটেল সংবাদ,উৰিয়ামঘাটঃ সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত চুতীয়া উন্নয়ন পৰিষদ আৰু ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ আতিথ্যত সৰুপথাৰত চুতীয়া জনগোষ্ঠীৰ সাংস্কৃতিক কৰ্মশালা মঙলবাৰৰ পৰা আৰম্ভ হয়। আৰম্ভণী অনুষ্ঠানৰ আঁত ধৰে ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক ৰক্তিম হাজৰীকাই।

সতী সাধনীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ পিছতেই এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত সৰুপথাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমনি ডেকা, গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সম্পাদক দ্বীপেন বৰা,ধনশিৰি মহকুমাৰ সাংবাদিক সংস্থাৰ সম্পাদক অৱনী শৰ্মা আৰু বৰপথাৰ প্ৰেছ ক্লাৱৰ সম্পাদক বেদান্ত ভাৰ্গৱকে প্ৰমূখ্য কৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে প্ৰশিক্ষনত ৰাজীৱ চুতীয়া, দেইজী চুতীয়া আৰু লুনা চুতীয়া মূখ্য প্ৰশিক্ষক হিচাবে উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।প্ৰশিক্ষনত প্ৰায় অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহন কৰিব বুলি ধনশিৰি মহকুমাৰ চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি অভিজিত শইকীয়াই জানিবলৈ দিয়ে।

আৰু পঢ়ক: যোৰহাট কাণ্ডৰ লগত জড়িত আন এজনক আটক...