বিলাসী বাহনত গৰুৰ বিলাস ভ্ৰমণ ! দুৰ্ঘটনাত পতিত হোৱাৰ পিছত ওলাল উৰহী গছৰ ওৰ...
বিলাসী বাহনত গৰুৰ বিলাস ভ্ৰমণ ! দুৰ্ঘটনাত পতিত হোৱাৰ পিছত ওলাল উৰহী গছৰ ওৰ... 
অসম

বিলাসী বাহনত গৰুৰ বিলাস ভ্ৰমণ ! দুৰ্ঘটনাত পতিত হোৱাৰ পিছত ওলাল উৰহী গছৰ ওৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ বান্দৰদেৱাঃ বিলাসী বাহনত মানুহ নহয়, গৰুৰ বিলাস ভ্ৰমণ ! এইখনত অসমত এয়া নতুন কথা নহ'লেও নিতৌ সংঘটিত হ'বলৈ ধৰিছে এনে ঘটনা। গৰুৰ চোৰাং সৰবৰাহ ৰোধ কৰাৰ বাবে আৰক্ষী কঠোৰ হোৱাত এইদৰে গৰুৰ চোৰাং সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিবলৈ লৈছে বিলাসী বাহন।

আজি বান্দৰদেৱাত সংঘটিত হ'ল এক পথ দুৰ্ঘটনা। এখন বেলেন' বাহনে বান্দৰদেৱাৰ সমীপৰ তৰাজুলিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আন এখন বাহনক খুন্দা মাৰে। ইয়াৰ লগে লগে দুৰ্ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ৰাইজ।

ইয়াৰ পিছতে সকলোৰে চকু কপালত উঠে। কিয়নো বেলেন' বাহনখনত নাছিল যাত্ৰী। আছিল গৰু। এটা দুটা নহয় ৫ টাকৈ গৰু আছিল দুৰ্ঘটনাত পতিত হোৱা বিলাসী বেলেন' বাহনখনত।

লাভ কৰা খবৰ মতে বান্দৰদেৱাৰ দিশৰ পৰা তেজপুৰ দিশে ৫ টটাকৈ গৰু সহ আহি থকা বেলেন' খনে নিয়ন্ত্ৰণ হেৰুৱাই লখিমপুৰ দিশে আহি থকা এখন চেভ্ৰলেট বাহনত খুন্দিওৱাৰ লগতে এখন স্কুটীটো খুন্দিওৱাৰ ফলত ৰাজপথতে আবদ্ধ হৈ পৰে। স্থানীয় ৰাইজে দুৰ্ঘটনাত পতিত বাহন কেইখনৰ আৰোহীসকলক উদ্ধাৰৰ বাবে গৈ দেখা পায় বেলেন'ৰ ভিতৰত ৫ টাকৈ গৰু।

ৰাইজে ঘটনা সন্দৰ্ভত বান্দৰদেৱা আৰক্ষীক খবৰ দিয়ে। ইফালে বেলেন' বাহনখনত চোৰাং ভাৱে গৰু সৰবৰাহ কৰা দুজন লোকৰ ভিতৰত এজনক আৱদ্ধ কৰে যদিও আন এজন পলায়ন কৰে।

উক্ত দুৰ্ঘটনাটোত কোনো লোকেই বিশেষ গুৰুত ভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই। আটক কৰা লোকজনক বান্দৰদেৱা আৰক্ষী চকীলৈ লৈ যোৱা হৈছে। ইফালে বিলাসী বাহনত গৰু উঠাই অনা কাণ্ডত ৰাইজ স্তম্ভিত হৈ পৰিছে। গৰু কঢ়িয়াই অনা বাহনখনৰ নম্বৰ AS12AD 3376 আৰু দুৰ্ঘটনাত পতিত হোৱা চেভ্ৰলেট বাহনখনৰ নম্বৰ AR02A 1833।