বাংলাদেশলৈ সৰবৰাহৰ সময়ত ৬৭টা চোৰাং গৰু উদ্ধাৰ বিএছএফ-আৰক্ষীৰ

বাংলাদেশলৈ সৰবৰাহৰ সময়ত ৬৭টা চোৰাং গৰু উদ্ধাৰ বিএছএফ-আৰক্ষীৰ

author-image
Asomiya Pratidin
New Update
বাংলাদেশলৈ সৰবৰাহৰ সময়ত ৬৭টা  চোৰাং গৰু উদ্ধাৰ বিএছএফ-আৰক্ষীৰ

ডিজিটেল সংবাদ,শিলচৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত চোৰাং পশুধনৰ বিৰুদ্ধে বিএছএফৰ অভিযান। বিএছএফ আৰু মেঘালয় আৰক্ষীয়ে যুটীয়া অভিযান চলাই মঙলবাৰে ভাৰত -বাংলাদেশ সীমান্তৰ পূব খাছি পাহাৰ আৰু পশ্চিম জয়ন্তীয়া পাহাৰ এলেকাৰ পৰা ৬৭টা গৰু জব্দ কৰে। গৰু কেইটা বাংলাদেশলৈ চোৰাংভাৱে সৰবৰাহৰ সময়ত জব্দ কৰা হয়।

Advertisment

বিএছএফৰ এক সূত্ৰই সদৰি কৰা মতে, বি এছ এফৰ ১৯৩ নং বেটেলিয়ন আৰু মেঘালয় আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলাই পূব খাছি পাহাৰৰ সীমান্তৱৰ্তী গাঁও কামাৰফিলৰ সমীপৰ জংঘলত লুকুৱাই ৰখা ৩৭টা গৰু জব্দ কৰে। আন এক অভিযানত বিএছএফ আৰু আৰক্ষীয়ে বাংলাদেশ সীমান্তৰ পৰা ৩০টা গৰু জব্দ কৰে। আটাই কেইটা গৰু চোৰাং ভাবে বাংলাদেশলৈ সৰবৰাহৰ সযময়তে জব্দ কৰা হয়। পিছত জব্দ কৰা গৰু কেইটা মেঘালয় আৰক্ষীক গতাই দিয়া হয়।

Also Read: সুখবৰঃ "লাচিত, দ্যা ৱাৰিয়াৰ"লৈ আন্তঃৰাষ্ট্ৰীয় শ্ৰেষ্ঠ এনিমেচন চলচ্চিত্ৰ বঁটা