অসম

বোকাখাতত কোভিড সংক্ৰমিত চাহ বাগিছা পৰিদৰ্শণ মন্ত্ৰী অতুল বৰাৰ…

asomiyapratidin
  • দেওবাৰে বোকাখাত মহকুমাৰ চাহ বাগিচাৰ কোভিড সংক্ৰমিত অঞ্চল পৰিদৰ্শন মন্ত্ৰী কৰে অতুল বৰাই।
  • বোকাখাত মহকুমাৰ নুমলিগড়, ৰঙামাটি আৰু বৰছাপৰী তিনিখন বাগিছাৰ লোকসকলৰ মাজত উপস্থিত হৈ মাক্স বিতৰণ কৰাৰ লগতে আক্ৰান্ত পৰিয়াল সমূহক খাদ্য সামগ্ৰী যোগানৰ বাবে বাগিছাৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰে মন্ত্ৰী গৰাকীয়ে।
  • নুমলীগড় বাগিছাত বৰ্তমানলৈকে ৭২ গৰাকী লোক আৰু বৰচাপৰী বাগিচাত ৩৫ জন লোকৰ দেহত কভিড ১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাছতে বাগিছা দুখন মহকুমা প্ৰশাসনে কন্টেনমেন্ট জন ঘোষণা কৰিছে।
  • মন্ত্ৰী অতুল বৰাই জানিবলৈ দিয়া মতে,"ৰাজ্যৰ ক'ভিড নিৰ্দেশনা ৰাইজে মানি নচলিলে চৰকাৰে অধিক কঠোৰ বিধি বলবৎ কৰিব" ।
  • বাগিছা শ্ৰমিক সকলক সকলো বিষয়তে প্ৰশাসনে সহযোগিতা আগবঢ়াব বুলি জনায় মন্ত্ৰী অতুল বৰাই।
  • আনহাতে কোৰোনাৰ বাবে স্থানীয় কৃষকৰ উৎপাদিত ফচল বিক্ৰী কৰিব নোৱাৰাত সৃষ্টি হোৱা সমষ্যাৰ প্ৰতি লক্ষ্য ৰাখি মন্ত্ৰী গৰাকীয়ে কৃষকৰ উৎপাদিত ফচল সমূহ বহিঃ ৰাজ্যলৈ ৰপ্তানি কৰাৰ পৰিকল্পনা কৰাৰ কথা সংবাদ মাধ্যমক অবগত কৰে।