অগতানুগতিক শৈলীৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি অংকন কৰি চৰ্চালৈ বাসুগাঁৱৰ চিত্ৰ শিল্পী সৌৰভ মণ্ডল…

অগতানুগতিক শৈলীৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি অংকন কৰি চৰ্চালৈ বাসুগাঁৱৰ চিত্ৰ শিল্পী সৌৰভ মণ্ডল…

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ বাসুগাঁও চহৰৰ এগৰাকী যুৱ চিত্ৰশিল্পী । গতানুগতিক ৰং তুলিৰ অংকন শৈলীৰ পৰা অলপ আঁতৰি আহি অগতানুগতিক শৈলীৰে চিত্ৰ অংকন কৰি সম্প্ৰতি সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে । কম সময়ৰ ভিতৰতে চিত্ৰ অংকন কৰি সুখ্যাতি অৰ্জন কৰা যুৱ শিল্পী গৰাকী নাম হৈছে সৌৰভ মণ্ডল (২২) ।

বাসুগাঁও চহৰৰ এক নং ওৱাৰ্ড সুভাষনগৰৰ বাসিন্দা তথা বিদ্যুৎ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সাধন মণ্ডল আৰু শিক্ষয়িত্ৰী বুলু মণ্ডলৰ একমাত্ৰ পুত্ৰ সৌৰভ মণ্ডলে গতানুগতিক হাতেৰে চিত্ৰ অংকন কৰাৰ বিপৰীতে মুখত তুলি লৈ মাত্ৰ দহ মিনিটৰ ভিতৰত ওলোটাকৈ লাইভ কেমেৰাত অংকন কৰিছিল ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি ।

যোৱা ১৪ মে তাৰিখে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা বাৰ্তা জনাই নিজৰ ইউ টিউব চেনেলত আপলোড কৰিছিল । তাৰ পিছত কালিৰ দিনটোত ১৫ মে তাৰিখে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শিল্পী সৌৰভ মণ্ডলৰ এই অসামান্য প্ৰতিভাৰ প্ৰশংসা কৰি নিজৰ টুইটাৰ হেণ্ডেল , ফেচবুক আৰু ইনচষ্টাগ্ৰাম পেজত শুভেচ্ছা জনায় ।

তাৰ পিছতে সমগ্ৰ সমগ্ৰ বিষয়টো এক অন্য মাত্ৰা লাভ কৰে । আগৰতলাৰ ত্ৰিপুৰা বিশ্ববিদ্যালয়ত বাণিজ্যিক শাখাৰ চুৰান্ত ছাত্ৰ যোৱা বছৰ লকডাউনৰ সময়ত কোনো ধৰনৰ আনুষ্ঠানিক চিত্ৰাঙ্কণৰ প্ৰশিক্ষণ নোলোৱাকৈ ইউ টিউব যোগে আমেৰিকাৰ এজন দিব্যাঙ্গ শিল্পীৰ পৰা পৰা অনুপ্ৰাণিত হৈ হাতৰ পৰিবৰ্তে মুখত তুলি লৈ তাকো ওলটাকৈ চিত্ৰ অঙ্কন আৰম্ভ কৰিছিল ।

নিদিষ্ট সময়ৰ ভিতৰত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিকৃতি অঙ্কন কৰি ইতিমধ্যে ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰে । পৰবৰ্ত্তী সময়ত লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটল, নেতাজী সুভাষ চন্দ্ৰ বসু, জাতিৰ পিতা মহাত্মা গান্ধী, ভগত সিঙৰ প্ৰতিকৃতি অংকন কৰি এচিয়ান বুক অফ ৰেকৰ্ডত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছিল যুৱ শিল্পী সৌৰভ মণ্ডল ।

শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি অংকন আৰু সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীৰ টুইটাৰ, ফেচবুক আৰু ইনচষ্টাগ্ৰামত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পিছত সৌৰভ মণ্ডলৰ পিতৃ মাতৃৰ লগতে বাসুগাঁও বাসী ৰাইজে গৰ্ববোধ অনুভৱ কৰিছে আৰু শিল্পী সৌৰভ মণ্ডলৰ ভবিষ্যৎ আৰু উজ্বল হওঁক তাৰে কামনা কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in