অসম

মৰিয়নিৰ চেলেং চাহ বাগিচাত কোভিড কেয়াৰ চেণ্টাৰ স্থাপন…

asomiyapratidin

ডিজিটেল সংবাদ ,মৰিয়নি : ৰাজ্যত কোভিড ৰ দ্বিতীয় লহৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ দৰে মৰিয়নিৰ কেইবাখনো চাহ বাগিছাত কোৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে ।তাৰ পৰিপ্ৰেক্ষিতত আজি মৰিয়নিৰ চাহ বাগিছাসমূহৰ কোভিডসৃষ্ট পৰিস্থিতি বুজ লবলৈ চাহ জনজাতি ছাত্ৰ সন্থাৰ এটি সজাতী দলৰ লগতে যোৰহাটজিলা বাগিছা চিকিৎসা পৰিদৰ্শক ডাঃ অপূৰ্ব শৰ্মাৰ নেতৃত্বত এটি দল চেলেং চাহ বাগিচাত উপস্থিত হয়।

দলটোৱে বাগিছা কৰ্তৃপক্ষক অক্সিমিটাৰ যোগানৰ লগতে মাস্ক আৰু থাৰ্মমিটাৰ যোগান সম্পৰ্কত আলোচনা কৰাৰ লগতে চেলেং চাহ বাগিচাৰ চিকিৎসালয় খন কোভিড কেয়াৰ চেণ্টাৰ হিচাপে স্থাপন কৰা হব বুলি উল্লেখ কৰে। এই কোভিড কেয়াৰ চিকিৎসা লয় খনত প্ৰায় ১৫ খন বিচনা থাকিব। অনাগত দুই তিনি দিনৰ ভিতৰত এই চিকিৎসালয় খন কাৰ্যক্ষম হৈ উঠিব বুলি জানিব দিয়ে চিকিৎসা পৰিদৰ্শক গৰাকীয়ে ।

উল্লেখ্য যে শেহতীয়াভাবে মৰিয়নিৰ চাহ বাগিছাসমূহত কৰোনাৰ সংক্ৰমণৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব ধৰিছে।এই কভিড চিকিৎসালয়খন স্থাপনে কৰোনাত আক্ৰান্ত চাহ শ্ৰমিকসকলক বিশেষভাবে উপকৃত কৰিব বুলি আশা কৰা হৈছে