অসম

মাৰ্ঘেৰিটাত মণ্ডল ভিত্তিত ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতা সম্পন্ন

Asomiya Pratidin

ডিজিটেল সংবাদ,মাৰ্ঘেৰিটা : মঙলবাৰে মাৰ্ঘেৰিটাস্থিত টাউন হাইস্কুল,মাঘেৰিটা প্ৰাংগনত চেগুণবাৰী মণ্ডল সমল কেন্দ্ৰৰ অন্তৰ্গত বিদ্যালয়সমূহৰ ৰন্ধন কৰ্মী আৰু সহায়িকা সকলৰ মাজত প্ৰধানমন্ত্ৰী পোষণ শক্তি নিমাৰ্ণ আঁচনি অসমৰ সৌজন্যত আৰু জিলা মিছন সমন্বয়ক কাৰ্যালয়,মাঘেৰিটা শিক্ষাখণ্ডৰ সহযোগত ৰন্ধন প্ৰকৰণ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ উদ্বোধন কৰে মাৰ্ঘেৰিটা শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া পৰেশ বৰুৱাই।

বিচাৰক হিচাপে উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান তিনিচুকীয়াৰ প্ৰবক্তা নিজৰা পাইত, পৰিপুষ্টি পৰামৰ্শদাতা নিবেদিতা মৰাণ, মাৰ্ঘেৰিটাৰ জ্যেষ্ঠ সাংবাদিক মানস প্ৰতিম গগৈ। প্ৰতিযোগিতাখনিত প্ৰথম বিজয়ী দল হিচাপে তছিৰ আলী প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনীৰ দল, দ্বিতীয় বিজয়ী দল হিচাপে মাৰ্ঘেৰিটা পাব্লিক হায়াৰ চেকেণ্ডেৰী স্কুলৰ ৰান্ধনীৰ দল আৰু তৃতীয় বিজয়ী দল হিচাপে চেগুনবাৰী প্ৰাথমিক বিদ্যালয়ৰ ৰান্ধনীৰ দল নিৰ্বাচিত হয়।

মণ্ডল সমন্বয়িকা চানিয়া বৰুৱাই আঁ‌ত ধৰা অনুষ্ঠানটি বিজয়ীসকলক মান পত্ৰ আৰু পুৰস্কাৰ প্ৰদান কৰা হয়।