অসম

"মিছিঙৰ কান্ধত বন্দুক থৈ বৰপেট বনালে ৰনোজ -ভূৱনে"- প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ জোনাই সমষ্টিত আৰম্ভ হ'ল কংগ্ৰেছৰ "চাঙে চাঙে কংগ্ৰেছ" কাৰ্যসূচী। বিজেপি বিধায়ক ভূৱন পেগুৰ ভেটি কঁপাই জোনাই সমষ্টিৰ মিছিং অধ্যুষিত গাঁৱৰ চাঙে চাঙে পদাৰ্পন কৰিলে কংগ্ৰেছৰ বহু শীৰ্ষ নেতা নেত্ৰীয়ে। আৱতৰীয়া বসন্তোৎসৱত বিহু গীত গালে অপূৰ্ব ভট্টাচাৰ্যই।

শনিবাৰে জোনাই সমষ্টিৰ তেলামৰ নিজা গৃহ সমষ্টিতে বিধায়ক ভূৱন পেগুক সমালোচনাৰে থকা সৰকা কৰিলে কংগ্ৰেছ নেতাই। তেলাম বৰহাটীৰ এক জনাকীৰ্ণ সভাত ভাগ লৈ প্ৰদেশ কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে মন্ত্ৰী ডা: ৰনোজ পেগু আৰু বিধায়ক ভূৱন পেগুক আক্ৰমণ কৰি কয় যে, এসময়ত আৰ্মকা, টিএমপিকে আৰু গনশক্তি কৰি মিছিং ৰাইজৰ কান্ধত বন্দুক থৈ বৰপেট বনালে ৰনোজ -ভূৱনে। মিচিং সকলৰ স্বাৰ্থৰ কথা কৈ বিজেপিত যোগ দিয়াৰ পিছত এতিয়া মিচিঙৰ‌ কথা নকয় বুলিও অভিযোগ তোলে প্ৰাক্তন বিধায়ক গৰাকীয়ে। লগতে কংগ্ৰেছে গঠন কৰা 'মেক'ৰ পুঁজি খীৰতি গাইৰ দৰে ব্যৱহাৰ কৰি আহিছে বুলি তীব্ৰ সমালোচনা কৰে ৰানা গোস্বামীয়ে।

একেদৰে প্ৰদেশ কংগ্ৰছৰ নেতা অপূৰ্ব ভট্টাচাৰ্যই মুখ্যমন্ত্ৰী আহিলে মাটি কাঢ়িব বুলি বিহু গীতৰে ভাষন‌ আৰম্ভ কৰি "হিমন্ত মামা আহিছে আমাৰ মাটি কিনিছে/দিবলৈ যে একোৱে নাই/ ৩০ টকাৰ চাউল লৈ ৫০ টকা কৰিছে/ অৰুণোদয় নাপালোঁ মই " বুলি ক্ষুৰধাৰ সমালোচনা কৰে।

ইপিনে কংগ্ৰেছক উভতি ধৰিলে বিধায়ক ভূৱন পেগুৱে। খিলঞ্জীয়া ৰাইজৰ মাজত কংগ্ৰেছৰ স্থান নাই বুলি মন্তব্য কৰি কংগ্ৰেছে চৰে চৰে গৈ ইউ ডি এফৰ লগত যুদ্ধ কৰি থাকক বুলি প্ৰত্যুত্তৰ দিয়ে। লগতে চাঙে চাঙে গৈ কংগ্ৰেছ দলে বিজেপিয়ে কৰা উন্নয়নৰ বাদে আন কি পাব বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।