কাঞ্চনজংঘা অভিযানকাৰী দল
কাঞ্চনজংঘা অভিযানকাৰী দল 
অসম

অসম পৰ্বতাৰোহণ সন্থাৰ কাঞ্চনজংঘা অভিযানকাৰী দলক শুভেচ্ছা জ্ঞাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ গুৱাহাটীৰ পৰা ৰেলৰে কাঞ্চনজংঘা লৈ যাত্ৰা আৰম্ভ কৰা অসম পৰ্বতাৰোহণ সন্থাৰ সদস্য সকলক মঙলবাৰে অৱসৰপ্ৰাপ্ত ডি আই জি কবি ৰঞ্জন ব্ৰহ্মৰ নেতৃত্বত এটা সজাঁতি দলে নিউ বঙাইগাঁও ৰেলষ্টচনত সাক্ষাৎ কৰে । বড়োলেণ্ড জেষ্ঠ নাগৰিক মঞ্চৰ পৰা কাঞ্চনজংঘা অভিযানকাৰী দলটোক আৰনাই আৰু ফুলৰ থোপাৰে উষ্ণ আদৰণি জনোৱা হয় । অভিযান সামৰি নিৰাপদে উভতি অহাৰ কামনা কৰে ।

লক্ষ্যনীয় যে এইবেলি অসম পৰ্বতাৰোহণ সন্থাৰ হৈ কাঞ্চনজংঘালৈ যাত্ৰা কৰা দলটোৰ অন্যতম তথা এগৰাকী জেষ্ঠ সদস্য হৈছে ডঃ জগদীশ বসুমতাৰী । কোকৰাঝাৰ চহৰৰ বাসিন্দা তথা বড়োলেণ্ড জেষ্ঠ্য নাগৰিক মঞ্চৰ কাৰ্য্যকৰী সভাপতি ডঃ জগদীশ বসুমতাৰীক লগ পাই মঞ্চৰ অন্যান্য সদস্য সকলে আপ্লুত হৈ পৰে ।

অসম পৰ্বতাৰোহণ সন্থাৰ হৈ ২০১৫ আৰু ২০১৬ চনত মাউণ্ট এভাৰেষ্ট অভিযানৰ সময়ত মূল সংগঠক আৰু মুখ্য আহ্বায়ক সত্যেন শৰ্মাকো মঞ্চৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা জনোৱাৰ সময়ত বড়োলেণ্ড জেষ্ঠ্য নাগৰিক মঞ্চৰ পি,আৰ, নাৰ্জাৰীয়ে কয় যে এইবেলিৰ অভিযানকাৰী দলৰ অন্যতম সদস্য সত্যেন শৰ্মা, ডঃ জগদীশ বসুমতাৰী আৰু এভাৰেষ্টৰ উপেন চক্ৰবৰ্তীয়ে ২০১৬ চনত কোকৰাঝাৰ ভ্ৰমণ কৰাৰ সময়ত ইয়াৰ স্থানীয় যুৱক যুৱতী সকলক দুঃসাহসিক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰত যথেষ্ট কাম কৰিছিল।

অভিযানকাৰী দলক শুভেচ্ছা জ্ঞাপন

লগতে তেওঁ কয় তদুপৰি ইতিমধ্যে নেপালৰ কাঠমাণ্ডুত যোৱা এইবেলিৰ কাঞ্চনজংঘা অভিযানকাৰী দলৰ নেতৃত্ব বহন কৰা মানস বড়ো কোকৰাঝাৰ এলেকাত দুঃসাহসিক ক্ৰীড়াৰ পোষক হিচাপে কাম কৰিছিল । তেখেতৰ প্ৰচেষ্টাতে দেশৰ পৰ্বতাৰোহণ প্ৰতিষ্ঠানৰ কোকৰাঝাৰৰ পৰা কেইবাজনো যুৱক-যুৱতীক সংঘটিত কৰি আৰু প্ৰশিক্ষণৰ ব্যবস্থা কৰিছিল বুলি উল্লেখ কৰে । পৰৱৰ্তী সময়ত অসম পৰ্বতাৰোহণ সন্থাৰ সহযোগত তেওঁলোকে লাডাখ হিমালয়লৈ সফল অভিযান চলাবলৈ সক্ষম হৈছিল । আজি নিউ বঙাইগাঁও ৰেলষ্টচনলৈ শুভকামনা জনাবলৈ অহা বড়োলেণ্ড জেষ্ঠ্য নাগৰিক মঞ্চৰ হৈ সহকাৰী সম্পাদক তপন দাস, নিৰীক্ষক বিভূতি ভূষন ব্ৰহ্ম উপস্থিত আছিল ।

বড়োলেণ্ড জেষ্ঠ নাগৰিক মঞ্চৰ সহকাৰী সাধাৰণ সম্পাদক তথা অসম পৰ্বতাৰোহণ সন্থাৰ সৈতে জড়িত পি, আৰ, নাৰ্জাৰীয়ে কে, আৰ, ব্ৰহ্ম সহ অন্যান্য সদস্য সকলৰ সৈতে চিনাকী কৰাই দিয়াত উৎফুল্লিত হৈ পৰে সকলোৱে ।