দুই কয়লা ব্যৱসায়ীৰ মাজত সংঘাতঃ চুৰীৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা...
দুই কয়লা ব্যৱসায়ীৰ মাজত সংঘাতঃ চুৰীৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা...  
অসম

দুই কয়লা ব্যৱসায়ীৰ মাজত সংঘাতঃ চুৰীৰে আক্ৰমণ কৰি হত্যাৰ চেষ্টা...

Asomiya Pratidin

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ নিমনাগড়ত কয়লা ব্যৱসায়ৰ মাজত সংঘাত। সূৰজ বৰগোঁহাই নামৰ এজন যুৱকে মালব্য ৰাজকোঁৱৰ নামৰ আন এজন যুৱকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ।

ফলত গুৰুতৰাৱে আহত হয় মালব্য ৰাজকোঁৱৰ নামৰ যুৱকজন। আহত মালব্য বৰ্তমান ডিব্রুগড়ৰ হাস্পতালত চিকিৎসাধীন হৈ আছে। দেওবাৰে নিশা সংঘটিত হৈছে ঘটনা৷

ইফালে ঘটনা সন্দৰ্ভত মালব্য ৰাজকোঁৱৰৰ পৰিয়ালে থানাত এজাহাৰ দাখিল কৰিছে ৷ এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে সূৰুয বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখ্য যে আক্ৰমণকাৰী সূৰয এটা জনগোষ্ঠীয় সংগঠনৰো নেতা।

জনগোষ্ঠীয় সংগঠনৰ নেতা সূৰজে নাগালেণ্ডৰ পৰা কয়লা আনি নিমনাগড়ত ডিপো স্থাপন কৰি কয়লা ব্যৱসায় চলাই আহিছে। মালব্য ৰাজকোঁৱৰো সূৰজৰ এই কয়লা ব্যৱসায়ৰ অংশীদাৰ।

সন্দেহ কৰা হৈছে দুয়োৰে মাজত টকা-পইচা লেনদেনৰ বাবেই এই ঘটনা সংঘটিত হৈছে। অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্তত হে প্ৰকৃত কাৰণ স্পষ্ট হ'ব।