অসম

খেৰকটা সমবায় সমিতিৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

Asomiya Pratidin

ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমা সমবায় সমিতিসমূহৰ উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ অন্তৰ্গত খেৰকটা সমবায় সমিতি লিমিটেডৰ ২০২৩-২০২৪ বর্ষৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। ২০২৩ বর্ষৰ ৩১  মাৰ্চক ভিত্তি বৰ্ষ হিচাবে গ্ৰহণ কৰি ইতিমধ্যে প্ৰস্তুত কৰা খচৰা ভোটাৰ তালিকা অংশীদাৰীসকলৰ বাবে সমবায় সমিতিৰ কাৰ্যালয়ত আৰি দিয়া হৈছে বুলি জানিবলৈ দিয়ে।

এই খচৰা ভোটাৰ তালিকাৰ সংশোধনী সন্দৰ্ভত কোনো ব্যক্তি, অংশীদাৰীসকলৰ কিবা  ওজৰ-আপত্তি থাকিলে কাৰ্যালয় খোলা সময়ত ২১ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিলৰ ভিতৰত তথ্য সহকাৰে ওজৰ-আপত্তি নিষ্পত্তি কৰিবলৈ লিখিত আবেদন কৰাৰ বাবে সমবায় সমিতিখনৰ এজনীয়া তদন্ত সমিতিৰ সভাপতি ক্ষীৰোদ বৰা আৰু সম্পাদক ৰাজীৱ দলেয়ে আহ্বান জনায়। 

অহা ৩০ এপ্ৰিলৰ পাছত ভোটাৰ তালিকাৰ ওপৰত কোনো আপত্তি গ্ৰহণ কৰা নহ'ব বুলি সভাপতি আৰু সম্পাদকে এক জাননীযোগে সদৰী কৰে।