অসম

নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষকক পুনৰ জেৰা চি আই ডিৰ

Asomiya Pratidin
  • জোনমণি কাণ্ডৰ সন্দৰ্ভত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাক পুনৰ জেৰা চি আই ডিৰ।

  • মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা দুই চিকিৎসক ডা০ গোপাল ৰয় আৰু ডা০ জোনেটকো চি আই ডিয়ে সোধ-পোচ কৰিছে।

  • চি আই ডিৰ অধীক্ষকৰ নেতৃত্বত কৰা হৈছে জেৰা।

  • নগাঁৱলৈ গুৱাহাটীৰ পৰা ৰাওনা হৈছে চি আই ডিৰ উচ্চ পৰ্যায়ৰ আন এটা দল।

  • কিছুসময় পাছতেই নগাঁৱত উপস্থিত হ'ব চি আই ডিৰ দলটো।

  • নিশা জখলাবন্ধাৰ দুৰ্ঘটনাস্থলীত প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসক লৈ গৈ আৰক্ষীয়ে চলালে তদন্ত।