মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলঃ ৪১ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল চি আই ডিৰ...
মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলঃ ৪১ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল চি আই ডিৰ... 
অসম

মেট্ৰিকৰ প্ৰশ্ন কাকত ফাদিলঃ ৪১ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল চি আই ডিৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ ৰাজ্যতে বিতৰ্কৰ সূচনা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কাণ্ড সন্দৰ্ভত ন্যয়ালয়ত অভিযোগনামা দাখিল কৰিলে চি আই ডিয়ে। উল্লেখ্য যে, ২০২৩ বৰ্ষত অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পৰিপ্ৰেক্ষিতত মাজৰাতি বাতিল কৰিবলগীয়া হৈছিল পৰীক্ষা।

প্ৰথমে সামজাকি মাধ্যমত সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল আৰু পৰৱৰ্তী সময়ত বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হৈছিল। ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ মাজত তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হৈছিল।

এক কথাত প্ৰশ্নকাকত ফাদিল কাণ্ডই ৰাজ্যত পৰীক্ষাৰ পৰিৱেশেই নোহোৱা কৰি তুলিছিল। এই ঘটনা সন্দৰ্ভত চি আই ডিয়ে তদন্ত কৰি পৰীক্ষাৰ মাজতে আটক কৰিছিল কেইবাজনো শিক্ষক, কৰ্মচাৰীক।

১৩ মাৰ্চত বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত চি আই ডিত ৰুজু হৈছিল ১২০ বি/৪২০/৪২৭ ধাৰাত এক গোচৰ। গোচৰটোৰ নম্বৰ আছিল ০৩/২০২৩। এই গোচৰটোৰ আধাৰতে তদন্ত কৰি চি আই ডিয়ে কামৰূপ মহানগৰ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অভিযোগনামা দাখিল কৰিছে।

ইফালে প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত সমগ্ৰ ঘটনাৰ মাষ্টাৰমাইণ্ড হিচাপে চি আই ডিয়ে অভিযোগনামাত উল্লেখ কৰিছে প্ৰণৱ কুমাৰ দত্ত আৰু কুমুদ ৰাজখোৱাৰ নাম।ইয়াৰোপৰি আছে জ্যোতিৰেখা বৰগোঁহাই, হেৰম্ব কুমাৰ দাসৰ সৈতে মুঠ ৪১ জন ব্যক্তিৰ নাম।

ইয়াৰ ভিতৰত ১০ জনেই শিক্ষক। অভিযোগনামাত নাম আছে ২৪ গৰাকী শিক্ষাৰ্থী, ২ জন অভিভাৱক আৰু ৫ জন মধ্যভোগীৰ। আনহাতে চি আই ডিয়ে তদন্ত প্ৰক্ৰিয়াত মুঠ ১২৮ জনৰ সাক্ষ্য গ্ৰহণ কৰিছে।

অভিযোগনামাত নাম উল্লেখ থকা ৪১ জন লোকৰ মোবাইলৰ পৰাও বহু তথ্য উদ্ধাৰ কৰিছে চি আই ডিয়ে। এইসকলোবোৰ ন্যায়ালয়ত দাখিল কৰিছে। অভিযোগনামাত নাম উল্লেখ থকা জ্যোতিৰেখা বৰগোহাঁই কাহিলিপাৰাৰ ভাউৰী দেৱী চেৰাউগী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা।

আনহাতে অভিযোগনামাত নাম আছে একেখন বিদ্যালয়ৰে সহকাৰী শিক্ষক হেৰম্ব কুমাৰ দাস আৰু অস্থায়ী কৰ্মচাৰী চিত্তঞ্জন ৰয়ৰ। আনহাতে এই ঘটনাৰ মাষ্টাৰমাইণ্ড ৰূপে বিবেচিত দুই শিক্ষক ক্ৰমে প্ৰণৱ কুমাৰ দত্ত আৰু কুমুদ ৰাজখোৱা লখিমপুৰৰ।

তেওঁলোকে ধনৰ বিনিময়ত প্ৰশ্নকাকত যোগান ধৰিছিল। ফৰেনচিক পৰীক্ষাত পোহৰলৈ আহিছে প্ৰণৱ কুমাৰ দত্তৰ বাসগৃহত উদ্ধাৰ কৰা আধাপোৰা প্ৰশ্নকাকত আছিল আচল প্ৰশ্নকাকত।  

আৰু হাতেলিখা প্ৰশ্নকাকতখনৰ হাতৰ আখৰবোৰ এইগৰাকী শিক্ষকৰে আছিল বুলি প্ৰমাণিত হৈছে। প্ৰণৱ কুমাৰ দত্ত নামৰ এই শিক্ষকগৰাকীৰ পৰা প্ৰশ্নকাকত কপি কৰি কুমুদ ৰাজখোৱা নমৰ শিক্ষকগৰাকীয়ে ধনৰ বিনিময়ত একাংশ শিক্ষার্থীলৈ হোৱাছএপ যোগে প্ৰেৰণ কৰিছিল ।