অসম

চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা; ইন্ধন ভৰ্তি টেংকাৰত প্ৰচণ্ড খুন্দা ট্ৰাকৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং: চিৰাঙত ভয়ংকৰ পথ দুৰ্ঘটনা। এক ভয়কৰ পথ দুৰ্ঘটনাই জোকাৰি যায় চিৰাঙৰ ঢালিগাঁও অঞ্চল। বৰতালোৱাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেতুৰ নামনিত ইন্ধন ভৰ্তি টেংকাৰৰ সৈতে এখন ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষ । ট্ৰাকৰ খুন্দাত টেংকাৰৰ পৰা নিৰ্গত হোৱা পেট্ৰ'ল জাতীয় ইন্ধনৰে ভৰি পৰে ৰাজপথ ।

পৰিতাপৰ বিষয় যে টেংকাৰৰ পৰা ৰাজপথত নিৰ্গত হোৱা ইন্ধন (তেল) সংগ্ৰহৰ কৰিবলৈ ৰাইজৰ মাজত হেতাওপৰা। যিকোনো মুহূৰ্তত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ আশংকা থকা স্বত্বেও হাতে হাতে বাল্টি, ড্ৰাম আদি লৈ একাংশ লোকে ওলাই আহি বিপদসংকুলভাবে টেংকাৰৰ পৰা নিৰ্গত তেল সংগ্ৰহ কৰাত ব্যস্ত হৈ পৰে ।

দুৰ্ঘটনা সন্দৰ্ভত চিৰাঙৰ উপআৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাই জনোৱা অনুসৰি, দুৰ্ঘটনাগ্ৰস্থ তেলৰ টেংকাৰ খন ডিব্ৰুগড়ৰ লেপেটকাটা স্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ পৰা প্ৰায় ৩৩ মেট্ৰিক টন (এইচপিজি) ইন্ধন কঢ়িয়াই পশ্চিমবংগৰ হাওৰা অভিমুখে যোৱাৰ সময়তে ঢালিগাঁৱৰ উৰণীয়া সেতুৰ ওপৰত অলপ সময় টেংকাৰখন থৈ চালক নামি গৈছিল আৰু সেই সময়তে পিছপিনৰ পৰা এ পি ০৫ টি বি ৯৮৭৯ নম্বৰৰ ট্ৰাকখনে খুন্দিয়ায়।

ইফালে ঘটনাস্থলীত আৰক্ষী আৰু চিআৰপিএফ ৰ জোৱান উপস্থিত হৈ তেল সংগ্ৰহ কৰা লোক সকলক খেদি পঠিয়াই পৰিস্থিতি নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়। দুৰ্ঘটনাৰ খবৰ লাভ কৰি বঙাইগাঁও শোধনাগাৰ আৰু কাজলগাঁৱৰ পৰা কেইবাখনো অগ্নিনিৰ্ব্বাপন বাহিনীৰ বাহন আহি দুৰ্ঘটনাস্থলীত উপস্থিত হয় । বঙাইগাঁও শোধনাগাৰৰ পৰা তাৎক্ষনিকভাবে এটা বিশেষজ্ঞৰ দল দুৰ্ঘটনাস্থলীত উপস্থিত হৈ সকলো দিশ নিৰিক্ষণ কৰি অগ্নিনিৰ্ব্বাপন বাহিনীৰ লোক সকলক সষ্টম কৰি ৰাখে ।

আৰু পঢ়ক: মোগলৰ মানসিকতাৰে অসমত চৰকাৰ চলাইছে বিজেপিয়ে: সাংসদ গৌৰৱ গগৈ