ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ইমাম ! আৰক্ষীৰ জালত পৰিল এজন 
অসম

ড্ৰাগছ সৰবৰাহৰ লগত জড়িত ইমাম ! আৰক্ষীৰ জালত পৰিল এজন...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং: চিৰাং জিলাৰ বাসুগাঁৱত মঙলবাৰে আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে। গোপন তথ্যৰ ভিত্তিত বাসুগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজ্যোতি তালুকদাৰৰ নেতৃত্বত আজি বিয়লিৰ ভাগত ডুলিগাঁও এলেকাত অভিযান চলাই ৬টা ড্ৰাগছ ভৰ্তি প্লাষ্টিকৰ কন্টেইনাৰসহ এজন যুৱকক আটক কৰে ।

আটকাধীন যুৱক তথা ড্ৰাগছ সৰবৰাহকাৰীজনক বাসুগাঁও আৰক্ষী থানাৰ অন্তৰ্গত শিলপাট গাঁৱৰ ফুলচান্দ আলী বুলি চিনাক্ত কৰা হয় । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী জনক সোধপোছ কৰাত এক ভয়ংকৰ তথ্য পোহৰলৈ আহে ।

যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নিষিদ্ধ ড্ৰাগছ সৰবৰাহ ব্যবসায়ৰ সৈতে জড়িত হৈ আছে শিলপাট গাঁৱৰ মছজিদৰ ইমাম আমিনুল ইছলাম। পিছত আৰক্ষীয়ে ইমাম জনৰ সন্ধানত শিলপাট গাঁৱত অভিযান চলায় যদিও ইমাম আমিনুল ইছলামে আৰক্ষীৰ চকুত ধুলি দি পলায়ন কৰে ।

ধৃত ড্ৰাগছৰ সৰবৰাহকাৰী ফুলচান্দ আলীয়ে সংবাদ মাধ্যমৰ আগত স্বীকাৰোক্তি দিয়ে যে শিলপাট গাঁৱৰ মছজিদৰ ইমাম আমিনুল ইছলামে ৫ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ তাক যোগান ধৰিছিল । আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ।