অসম

চিৰাঙৰ এগৰাকী উদ্যমী ক্ষুদ্ৰ ব্যৱসায়ীৰ মহানুভৱতা

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং: চিৰাঙৰ কাজলগাঁওস্থিত উদ্যমী ব্যৱসায়ী তথা ফুংবিলী ছুইটচ ষ্ট'লৰ স্বত্বাধিকাৰী প্ৰদীপ বসুমতাৰীৰ উদ্যোগত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৮ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় । বৃহত্তৰ কাজলগাঁও এলেকাৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়, ইউ এন একাডেমী, কাজলগাঁও হাইস্কুল, বিলাসপুৰ মাঞ্চুৰীয়া হাইস্কুল আৰু ছুবাইঝাৰ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ১৮ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক আমন্ত্ৰিত অতিথি সকলৰ দ্বাৰা নগদ গাইপতি দহ হেজাৰ টকাৰ চেক, এখন উপহাৰৰ টোপোলা আগবঢ়োৱা হয় ।

আজিৰ এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ উদ্বোধনী ভাষনত ফুংবিলী চুইটচ ষ্ট'লৰ স্বত্বাধিকাৰী প্ৰদীপ বসুমতাৰীয়ে নিজৰ সংগ্ৰামী জীৱনৰ কথা সুঁৱৰি বৰ্তমান সময়ৰ ছাত্ৰ ছাত্ৰী সকলক গুণগত শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে। লগতে তেওঁলোকক আগলৈ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰাৰ লক্ষ্যৰে এই কিঞ্চিত উপহাৰৰ ব্যবস্থা কৰিছে বুলি উল্লেখ কৰে ।

বন্তি প্ৰজ্বলন কৰে আমন্ত্ৰিত অতিথি অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া জীতেন বৰগয়াৰী, কেৰল নাৰ্জাৰী সহ অন্যান্য বিশিষ্ট ব্যক্তি সকলে । সম্বৰ্ধনা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া কেৰল নাৰ্জাৰী আৰু জীতেন বৰগয়াৰীয়ে উপস্থিত ছাত্ৰ ছাত্ৰী তথা অভিভাৱক সকলক উৎসাহিত কৰিব পৰাকৈ সুন্দৰ ভাষণ আগবঢ়ায়।

আজিৰ এই বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া জীতেন বৰগয়াৰী, কেৰল নাৰ্জাৰীৰ উপৰি কাজলগাঁৱৰ ইউ,এন ব্ৰহ্ম মহাবিদ্যালয়ৰ অধ্যক্ষা ডঃ নীল পদ্মিনী ৰাভা, জিলা বড়ো সাহিত্য সভাৰ উপ সভাপতি প্ৰশান্ত ইছোৱাৰী সহ পাঁচখন শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু প্ৰদীপ বসুমতাৰীৰ পিতৃ মাতৃৰ সহ পৰিয়ালৰ সদস্য সকল উপস্থিত থাকে । আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত সঞ্চালনা কৰে বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী স্মৰণিকা মেধীয়ে।