অসম

চিৰাঙত শীৰ্ষ দহটা স্থান লাভ কৰা পৰীক্ষাৰ্থীক সম্বৰ্ধনা...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : সদ্য ঘোষিত অসম চৰকাৰৰ শিক্ষা বিভাগৰ গুণোৎসৱত শোচনীয় ফলাফল দেখুওৱা চিৰাং জিলাই সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰৰ তালিকাত অসমৰ ভিতৰত শীৰ্ষ জিলা হিচাপে স্থান লাভ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গুণোৎসৱৰ ফলাফলৰ তালিকাত অন্তিম দুই নম্বৰ (৩২ নং) স্থানত থকা চিৰাং জিলাই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰাত স্বাভাৱিকতেই জিলাখনত আনন্দৰ বন্যা বৈছে।

ৰাজ্যখনৰ উত্তীৰ্ণৰ হাৰ সামগ্ৰিক ভাবে ৭২.৬৯ শতাংশ হোৱাৰ বিপৰীতে চিৰাঙৰ উত্তীৰ্ণৰ হাৰ ৮৮.৬৯ শতাংশ। জিলাখনৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ৫,৫০২ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত উত্তীৰ্ণ হয় ৪,৮৭৯ গৰাকী। ইয়াৰ ভিতৰত ১,৪১৫ গৰাকী ১ম, ২,৬৬৯ গৰাকী ২য় আৰু ৭৯৫ গৰাকী ৩য় বিভাগত উত্তীৰ্ণ হয়। জিলাখনৰ এই উৎকৃষ্ট ফলাফলত উৎফুল্লিত হৈ পৰিছে বিদ্বৎমহল।

জিলা উপায়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত জিলা প্ৰশাসনৰ তৰফৰ পৰা জিলাখনৰ শীৰ্ষ দহটা স্থান লাভ কৰা পৰীক্ষাৰ্থী আৰু এশ শতাংশ উত্তীৰ্ণ হোৱা দহখন বিদ্যালয়ৰ প্ৰধান শিক্ষকক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱে আঁত ধৰা সভাত জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই "জিলাখনত এক ভয়মুক্ত শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি উঠাৰ লগে লগে শৈক্ষিক পৰিৱেশৰো উন্নয়ন হৈছে। যাৰ ফলত আজি চিৰাং জিলাই উৎকৃষ্ট ফলাফল দেখুৱাবলৈ সক্ষম হৈছে" বুলি মন্তব্য কৰে।

আনহাতে চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে জিলাখনৰ এই শৈক্ষিক ধাৰাবাহিকতা ভৱিষ্যতেও অক্ষুণ্ণ ৰাখিবৰ বাবে চেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়। অনুষ্ঠানত জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, জিলা আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰা, জিলা অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীকে ধৰি বিভিন্ন শিক্ষা বিষয়া উপস্থিত থাকে।