অসম

বেংতলত সন্ত্রাস চলোৱা ভালুকটোক ট্রেংকুলাইজ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৱশেষত চিৰাঙত সন্ত্ৰাস চলোৱা ভালুকটোক ট্ৰেংকুলাইজ কৰা হৈছে । বিগত কেইদিনমান ধৰি জিলাখনৰ বেলতলত উপদ্ৰৱ চলাইছিল ভালুকটোৱে । যাৰ ফলত অঞ্চলটোত আতংকময় পৰিৱেশে বিৰাজ কৰিছিল ।

মাদাপুৰত বনবিভাগে ভালুকটোক ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম হয় । পিছত বন বিভাগে মানাহ ৰাষ্ট্রীয় উদ্যানত মুকলি কৰি দিয়ে ভালুকটোক । উদ্যানখনৰ কুকলুং ৰেঞ্জত মুকলি কৰি দিয়া হৈছে ভালুকটো ।

ভালুকৰ আক্ৰমনত আহত হৈছিল কেইবাজনো লোক । শুকুৰবাৰে আহত হৈছিল ৪ জন লোক । ইয়াৰ পিছতেই বন বিভাগে ট্ৰেংকুলাইজ কৰি ৰাষ্ট্ৰীয় উদ্যানত মেলি দিয়ে ভালুকটোক । ট্ৰেংকুলাইজ কৰাৰ পিছতেই বেলতলবাসী ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে ।