chirang
chirang 
অসম

চিৰাঙৰ চাপাগুৰী আৰু ৰৌমাৰীত চোৰাং কাঠ সৰবৰাহকাৰীসহ বাহন জব্দ...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাং : শনিবাৰে দিনৰ পোহৰতে চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত চাপাগুৰী আৰু ৰৌমাৰী দুটা পৃথক পৃথক ঠাইত আৰক্ষীয়ে অভিযান চলাই তিনিজন চোৰাং কাঠ সৰবৰাহকাৰীসহ তিনিখন চোৰাং কাঠ ভৰ্তি বলেৰ' পিকআপ ভেন জব্দ কৰে।

তিনিখন পিকআপ ভেনৰ পৰা জব্দ কৰা মুঠ ১০ ঘনমিটাৰ চোৰাং কাঠখিনিৰ বজাৰ মূল্য প্ৰায় চাৰি লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে । ঢালিগাঁও থানাৰ আৰক্ষীয়ে জব্দ কৰা চোৰাং কাঠ ভৰ্তি পিকআপ ভেন আৰু ধৃত লোক কেইজনক কাজলগাঁওস্থিত বনসংমণ্ডল বিষয়াৰ কাৰ্যালয়ত গতাই দিয়ে। বনবিভাগৰ লোকে আটকাধীন ইছলাম আলী, ৰাজা ভাই শৰ্মা আৰু এন্নুছ আলী সোধপোছ অব্যাহত ৰাখিছে ।

আজি আৰক্ষীয়ে জব্দ কৰা এএছ-২৬ এ চি ০১১৭, এ এছ ২৫ ই চি ৬২৮২ আৰু এ এছ ১৯ চি ৬৪২২ পঞ্জীয়নৰ বাহন কেইখনত অনুজ্ঞাপত্ৰ থকা কাঠফলা মিলৰ পৰা কাঠখিনি অনা হৈছিল বুলি আটকাধীন লোক কেইজনে দাবী কৰিছে। কিন্তু আৰক্ষীয়ে আটক কৰাৰ সময়ত ধৃত লোক কেইজনে কোনো ধৰণৰ বৈধ চালান দেখুৱাব পৰা নাছিল।

এটা পক্ষই জব্দ কৰা চোৰাং কাঠখিনি সংৰক্ষিত বনাঞ্চলৰ পৰা চোৰাং ভাবে সংগ্ৰহ কৰি অনাৰ দাবী কৰিছে তাৰ বিপৰীতে আন এটা পক্ষই এয়া মানুহৰ ঘৰত গছৰ কাঠ বুলি সমগ্ৰ বিষয়টোক সহজ কৰাৰ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। কিন্তু চিৰাং জিলা খনত বনবিভাগৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰা কাঠফলা মিলৰ আঁৰত এটা শক্তিশালী চক্ৰই চোৰাং কাঠৰ ব্যৱসায় চলাই থকাৰ অভিযোগ প্ৰায়ে উত্থাপিত হয় ।

কিছুদিন আগতে চিৰাং জিলাৰ ৰুণীখাতা এলেকাৰ তিনিখনকৈ অনুজ্ঞাপত্ৰ থকা কাঠফলা মিলত অবৈধ ভাবে বনাঞ্চলৰ গছ কটাৰ অপৰাধত অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছিল ।