'শংকৰ-আজান সমন্বয় সন্মান বঁটা'
'শংকৰ-আজান সমন্বয় সন্মান বঁটা' 
অসম

শিশু চিত্ৰশিল্পী ছুমাইয়া শ্ববনমলৈ ২০২২ বৰ্ষৰ 'শংকৰ-আজান সমন্বয় সন্মান বঁটা'

Asomiya Pratidin

ডিজিটেল ডেস্ক: ৰাজ্যখনৰ অগ্ৰণী আৰ্থ সামাজিক- সাংস্কৃতিক অনুষ্ঠান 'লাইফ স্মাৰ্ট'ৰ পঞ্চম বাৰ্ষিক অধিৱেশন উপলক্ষে ৮ জানুৱাৰীত গুৱাহাটী মহানগৰীৰ দিছপুৰস্থিত পি ডব্লিউ ডি কনভেনশ্যনত 'শংকৰ- আজান সমন্বয় সন্মান,২০২২' আৰু 'অসমত শ্ৰীমন্ত শংকৰ দেৱ আৰু আজান ফকীৰৰ প্ৰাসংগিকতা' শীৰ্ষক সময়োপযোগী মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

কৃষ্ণা কাশ্যপ আৰু ৰাজশ্ৰীমা শৰ্মাৰ সত্ৰীয়া নৃত্যৰে শুভাৰম্ভণি কৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে বিশিষ্ট কবি কাব্যনীলে । অসমৰ সমাজ জীৱনত বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা পুৰুষ-মহিলাৰ লগতে ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী তথা শিশু চিত্ৰ শিল্পী ছুমাইয়া শ্ববনমলৈ 'শংকৰ-আজান সমন্বয় সন্মান ২০২২' বঁটা আগবঢ়োৱা হয়।

অনুষ্ঠানত বৰগীত আৰু জিকিৰ পৰিবেশন কৰাৰ লগতে 'মোৰ হৃদয়ৰ কবিতা' শীৰ্ষক কবিতা পুথি এখনো উন্মোচন কৰা হয় । 'লাইফ স্মাৰ্টৰ' উক্ত মনোজ্ঞ অনুষ্ঠানটিত জিকিৰ সম্ৰাট ড০ ভুৱনেশ্বৰ ডেকা, বিশিষ্ট সাংবাদিক আব্দুল আলিম,এম ছাইফ উদ্দিন আহমেদ,আনোৱাৰ হুছেইনৰ উপৰিও উজনি আৰু নামনি অসমৰ বহু কেইজন কবি, লেখক আৰু সাহিত্যিকে উপস্থিত থাকি অনুষ্ঠানটিৰ সৌস্তব বৃদ্ধি কৰে ।