অসম

বাল্য বিবাহ! বিয়া পাতিবলৈ আহি ৰঙা ঘৰৰ আলহী হ'ল দৰাৰ পৰিয়াল...

Asomiya Pratidin

ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈত শনিবাৰে ৪০ মোৱামাৰী চাপৰিত এক বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছিল। পিছে বিয়াৰ গাড়ী পালেগৈ মঙলদৈ থানা। দৰা ঘৰীয়াই কইনাৰ ঘৰ পাই দেখে কথা বেলেগ।

দৰাক আগবঢ়োৱা সময়ত কইনাৰ ঘৰৰ যাত্ৰা কলপুলিৰ ওচৰত শাহু-শহুৰৰ ঠাইত ৰখি আছে মঙলদৈ আৰক্ষী। পিছে পুলিচে দৰাক ৰখি থকাৰ কাৰণ শুনিলে আচৰিত হ'ব।কাৰন কইনা জনীৰ বয়স মাত্ৰ ১৬ বছৰ।

মঙলদৈ চহৰৰ নিকটবৰ্তী ৪০ নং মোৱামাৰী চাপৰিৰ ১৬ বছৰীয়া কিশোৰী গৰাকীক বিয়া পাতিবলৈ আহিছিল পানবাৰীৰ প্ৰসেনঞ্জিৎ দাসে। যিহেতু নাবালিকাৰ বিবাহ আইনমতে দণ্ডনীয়। অৱশেষত আৰক্ষীয়ে দৰা আৰু কইনাৰ ঘৰৰ পৰিয়ালক লৈ যায় মঙলদৈ থানালৈ।

দৰা প্ৰসেঞ্জিৎ দাসে কইনা ঘৰত আৰক্ষীক দেখা পাই আৰক্ষীৰ চকুত ধুলি দি পলাবলৈ সক্ষম হয়। এতিয়া দৰা পক্ষৰ অভিভাৱক আৰু কইনা পক্ষৰ অভিভাৱক আটায়ে মঙলদৈ থানাৰ আলহী হৈ আছে । ঘটনা সন্দৰ্ভত ৪ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

আৰু পঢ়ক: নিগনিয়ে খালে আৰক্ষীৰ জিম্মাত থকা ৫০০ কিলো ভাং