অসম

গোটাবাৰীত শিশুৰ সলিল সমাধি

Asomiya Pratidin

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : পানীত পৰি শিশুৰ কৰুণ মৃত্যু। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অধীনস্থ কদমতলী গাঁৱত বৃহস্পতিবাৰে পুৱাৰ ভাগত এটি ৩ বছৰীয়া শিশু খালত পৰি সলিল সমাধি হোৱা ঘটনাই অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে।

জানিব পৰা মতে, গাঁৱখনৰ মজিবৰ ৰহমানৰ পুত্ৰ ছাইদুল ইছলাম (৩) আজি পুৱা প্ৰায় ৭.৩০ বজাত ঘৰখনৰ কাষতে খাল এটা পৰি এখন নিখোজ হৈ পৰে। লগে লগে ৰাইজে শিশুটিক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰি শিশুটিক উদ্ধাৰ কৰে যদিও শিশুটি মৃত্যু মুখত পৰে। এই ঘটনাই পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।