অসম

চৰাইদেউত ৱাটাৰ পল' প্ৰতিযোগিতা

Asomiya Pratidin

ডিজিটেল সংবাদ, চৰাইদেউঃ চৰাইদেউ জিলা সাঁতোৰ সন্থা আৰু আটাল পুখুৰী সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত গান্ধী জয়ন্তী উপলক্ষে চৰাইদেউ জিলা আৰু শিৱসাগৰ জিলা ৱাটাৰ পল' দুটা দলৰ মাজত এখনি প্ৰস্তুতি মূলক প্ৰতিযোগিতা সম্পন্ন হয়। চৰাইদেউ জিলা সাঁতোৰ সন্থাৰ অন্তৰ্গত সূত্ৰধাৰ সাঁতোৰ সন্থা, ৰজা পুখুৰী সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ, আটাল পুখুৰী সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ খেলুৱৈ অভিভাৱকৰ উপস্থিতত উক্ত খেলখন অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনত শিৱসাগৰ দলে চৰাইদেউ দলক ৬-৪ গলৰ ব্যৱধানত পৰাজিত কৰি জয়ী হ'বলৈ সক্ষম হয়।

প্ৰতিযোগিতাখন শুভাৰম্ভ কৰে চৰাইদেউ জিলা সাঁতোৰ সন্থাৰ সভাপতি অৰুণ গগৈয়ে। উদ্বোধন কৰি ২০২১ চনৰ ২০ ছেপ্টম্বৰ তাৰিখে প্ৰথমবাৰৰ বাবে এই আটাল পুখুৰীত ৱাটাৰ পল' প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল বুলি তেখেতে মন্তব্য কৰে। উক্ত উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল সোণাৰি বিশিষ্ট সমাজকৰ্মী বিপিন শৰ্মা, অসম সাঁতোৰ সন্থাৰ সাঁতোৰ প্ৰশিক্ষক পলাশ বৰুৱা, প্ৰশিক্ষক কৃষ্ণ বড়া, ৰজা পুখুৰী সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সম্পাদক ৰক্তিম শৰ্মা, সূত্ৰধাৰ সাঁতোৰ সন্থাৰ সভাপতি ধৰ্ম বৰগোহাঁই, সম্পাদক উত্তম গগৈ, চৰাইদেউ জিলা সাঁতোৰ সন্থাৰ যুটীয়া সম্পাদক বিজয় গগৈ, সাংগঠনিক সম্পাদক অনিল চাংমাই, সূত্ৰধাৰ সাঁতোৰ সন্থাৰ উপ-সভাপতি ভুবন বৰগোহাঁই, শিক্ষক নৰেন গগৈ, পৰিচালনা সমিতিৰ সভাপতি মিলন বৰপাত্ৰ গোহাঁইৰ লগতে দুই শতাধিক অভিভাৱক, অভিভাৱিকা।