অসম

বৰঙাবাৰীত মনোজ্ঞ আলোচনা: কেৰেলা শাস্ত্ৰ সাহিত্য পৰিষদৰ অংশগ্ৰহণ...

Asomiya Pratidin

ডিজিটেল সংবাদ, ছয়দুৱাৰ: গহপুৰ মহকুমাৰ বৃহত্তৰ ছয়দুৱাৰ অঞ্চলৰ ইংৰাজী মাধ্যমৰ শৈক্ষিক প্ৰতিষ্ঠান বৰঙাবাৰীৰ মৰ্ণিং ষ্টাৰ ছিনিয়ৰ চেকেণ্ডৰী স্কুলৰ গৌৰৱোজ্জ্বল ত্ৰিশ বৰ্ষপূৰ্তিৰ আৰম্ভণি সমাৰোহৰ লগত সংগতি ৰাখি শুকুৰবাৰৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বসন্ত উৎসৱ। বসন্ত উৎসৱৰ প্ৰথম কাৰ্যসূচী অনুসৰি বিজ্ঞান মেলা আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

পুৱাৰে পৰা আৰম্ভ হোৱা বিজ্ঞান মেলাত অংশগ্ৰহণৰ বাবে কেৰেলা ৰাজ্যৰ পৰা অহা ৩৭ জনীয়া শিক্ষা, সাহিত্য আৰু বিজ্ঞান বিশেষজ্ঞৰ এটি দলে উক্ত বিজ্ঞান মেলাত অংশগ্ৰহণ কৰি ছাত্র-ছাত্ৰী সকলক বিজ্ঞান সম্পৰ্কীয় বহু দিশৰ ওপৰত আলোকপাত কৰে। কেৰেলা শাস্ত্ৰ সাহিত্য পৰিষদৰ ৩৭ জনীয়া দলটোত শিক্ষাবিদ, সাহিত্যিক, বৈজ্ঞানিক, মেজিচিয়ান, উচ্চ পদস্থ বিষয়া, সাংস্কৃতিক কৰ্মী, জ্যোতিৰবিদ, আই.টি বিশেষজ্ঞ আদি আছে।

শুকুৰবাৰৰ দুপৰীয়া বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত উক্ত ৩৭ জনীয়া দলটোক বিদ্যালয় কৰ্তৃপক্ষই মহাপুৰুষীয়া সংস্কৃতিৰ একোখনকৈ ভকতি বস্ৰৰে সাদৰ-সম্ভাষণ জ্ঞাপন কৰে। বিদ্যালয়খনৰ পৰিচালন সঞ্চালক যাদৱ চলিহাই আঁত ধৰা আৰু অধ্যক্ষ দীনেশ কুমাৰ কে.চিয়ে আদৰণি ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানটোত এম বি বি এছ পাঠ্যক্ৰম (২০২৩)ৰ সদ্য ঘোষিত ফলাফলত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত ১৬ সংখ্যক স্থান দখল কৰি সফলতা অৰ্জন কৰা বালিজান গুৱাধৰাৰ মেধাৱী ছাত্র ডাঃ মানস কাথ হাজৰিকাক বিদ্যালয় কৰ্তৃপক্ষই এখন চেলেং আৰু এখন অভিনন্দন পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে।

ভাষণত ডা: মানস কাথ হাজৰিকাই কিতাপৰ প্ৰতি ধাউতি বঢ়াবলৈ ছাত্র-ছাত্ৰী সকলৰ প্ৰতি আহ্বান জনায় কয় যে, কিতাপৰ লগত বন্ধুত্ব গঢ়িলেহে শৈক্ষিক সফলতা লাভ কৰিব পাৰি। একেটা অনুষ্ঠানতে ডাঃ মানস কাথ হাজৰিকাৰ পিতৃ তথা গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক বীৰেন কাথ হাজৰিকাকো এখন চেলেং চাদৰে সম্বৰ্ধনা জনায় বিদ্যালয়খনৰ পৰিচালন সঞ্চালক যাদৱ চলিহাই।

তদুপৰি শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী লোকেশ্বৰী সন্দিকৈয়ে এখন কিতাপেৰে অভিনন্দন জ্ঞাপন কৰে ডাঃ মানস কাথ হাজৰিকাক।