অক্টোবৰত চৰাইদেউ মৈদামলৈ ইউনেস্ক'ৰ দলঃ মৈদামকলৈ অপপ্ৰচাৰ নকৰিবলৈ সকীয়নি

অক্টোবৰত চৰাইদেউ মৈদামলৈ ইউনেস্ক'ৰ দলঃ মৈদামকলৈ অপপ্ৰচাৰ নকৰিবলৈ সকীয়নি

author-image
Asomiya Pratidin
New Update
অক্টোবৰত চৰাইদেউ মৈদামলৈ ইউনেস্ক'ৰ দলঃ মৈদামকলৈ অপপ্ৰচাৰ নকৰিবলৈ সকীয়নি

ডিজিটেল সংবাদ, চৰাইদেউঃ অক্টোবৰ মাহৰ প্ৰথম ভাগতে ঐতিহাসিক চৰাইদেউ মৈদাম থলী পৰিদৰ্শনৰ বাবে আহিবলগীয়া ইউনেস্ক'ৰ দলটোৰ আগমনক লৈ সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষৰ মাজত ব্যাপক প্ৰস্তুতি চলিছে। ইয়াৰ মাজতে এক প্ৰতিক্ৰিয়াশীল দুষ্ট চক্ৰই এই ক্ষেত্ৰত বিধি পথালি দিয়াক লৈ সোমবাৰে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ দুয়োগৰাকী জিলা আয়ুক্তৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ সভা চৰাইদেউ পৰ্যটন কেন্দ্ৰৰ সভাগৃহত অনুষ্ঠিত হয় ।

Advertisment

বিভিন্ন দল-সংগঠন তথা বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত যোৰহাট লোকসভা সভষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়া, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপৰি চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ জিলা আয়ুক্তদ্বয় ক্ৰমে নিবেদন দাস পাটোৱাৰী আৰু আদিত্য বিক্ৰম যাদৱ উপস্থিত থাকে। সভাখনিত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে চৰাইদেউ মৈদামক লৈ শেহতীয়াভাৱে জনৈক আলম উপাধিৰ এজন ব্যক্তিয়ে চৰম মিথ্যাচাৰৰ সহায় লৈ মৈদাম থলীক ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বিধি পথালি দিয়াৰ কথা ব্যক্ত কৰে।

একাংশ অস্তিত্ব নথকা সংগঠনৰ নেতাক লৈ লোকজনে প্ৰকৃততে কি কৰি আছে বিধায়কগৰাকীয়ে সভাত তথ্য সহকাৰে সকলো অৱগত কৰে। ভাষণ প্ৰসংগত জনৈক জাকিৰুল আলম আৰু জিতেন বৰপাত্ৰগোহাঁইৰ নাম উল্লেখ কৰি বিধায়ক কোঁৱৰে কয় যে- চৰাইদেউ মৈদাম এলেকা জৰীপ কাৰ্যৰ সময়ৰ পৰাই এই দুজন ব্যক্তিয়ে সময়ে সময়ে এনে কেতবোৰ বিতৰ্কিত মন্তব্য দি জনসাধাৰণৰ মাজত চৰাইদেউ মৈদামৰ সমগ্ৰ বিষয়টোক বিভ্ৰান্তমূলক ভাৱে প্ৰচাৰ কৰিব বিচাৰিছে ।

আনকি শিৱসাগৰত শেহতীয়াকৈ সংবাদমেল পাতি এই দুজন ব্যক্তিয়ে বিধায়কগৰাকীৰ বিপক্ষে কেতবোৰ মিছা আৰু অযুক্তিকৰ কথা কোৱা বুলিও সভাত ষ্পষ্ট কৰি দিয়ে । উল্লেখ্য যে, শিৱসাগৰত এক সংবাদমেল যোগে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ বিৰুদ্ধে অভিযোগ তোলা ব্যক্তিকেইগৰাকীক সভালৈ দুয়োখন জিলাৰ জিলা প্ৰশাসনৰ পৰা নিমন্ত্ৰণ জনোৱাৰ পাছতো এজনো উপস্থিত নথকা বিষয়টোক লৈয়ো বিধায়কগৰাকীয়ে কটাক্ষ কৰে ।

সভাত চৰাইদেউ জিলাৰ বিভিন্ন দল-সংগঠনৰ নেতৃবৰ্গৰ লগতে সচেতন ৰাইজ, বিশিষ্ট ব্যক্তিৰ উপস্থিতি সাংসদ তপন কুমাৰ গগৈ, মন্ত্ৰী যোগেন মহন, নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াই ইউনেস্ক'ৰ প্ৰতিনিধি দলটো অহাৰ পূৰ্বে সকলো স্তৰৰ ৰাইজে চৰাইদেউ মৈদামক লৈ থকা যিকোনো ধৰণৰ সমস্যা বা মতবিৰোধ সৌহাদ্যপূৰ্ণ পৰিৱেশত আলোচনাৰ মাজেৰে সমাধান কৰা হ'ব বুলি জানিবলৈ দিয়ে। লগতে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ।

Also Read: গ্ৰেপ্তাৰ হ'ব পাৰে শুভলক্ষী দত্তঃ শুভলক্ষীক বিচাৰি মহানগৰীত শিৱসাগৰ আৰক্ষীৰ অভিযান

Charaideo Maidam