অসম

আজিৰে পৰা মথুৰাপুৰত ফুৰালুং সমাজৰ কেন্দ্ৰীয় অধিৱেশন

Asomiya Pratidin

ডিজিটেল সংবাদ,মথুৰাপুৰঃ শনিবাৰৰ পৰা চৰাইদেউ জিলাৰ মথুৰাপুৰ দেওধাই গাঁৱত দুদিনীয়াকৈ আৰম্ভ হৈছে অসম ফুৰালুং সমাজৰ কেন্দ্ৰীয় অধিৱেশন ৷ আজিৰে পৰা আৰম্ভ হোৱা অধিৱেশনৰ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত বিন- খ্ৰিঙ-ফা অৰ্থাৎ পতাকা উত্তোলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰে ফুৰালুং সমাজৰ সভাপতি চাও ৰামেশ্বৰ বুঢ়াগোহাঁই আৰু উদযাপন সমিতিৰ সভাপতি চাও প্ৰদীপ ফুকনে ৷

ইয়াৰ পিছতে চাও নিপেন গগৈ আৰু চাও পূৰ্ণজিৎ ফুকনে তৰ্পণ কাৰ্যসূচী মুকলি কৰে। তৰ্পণ কাৰ্যসূচীৰ পৰৱৰ্তী সময়ত প্ৰতিনিধি পঞ্জীয়ন অনুষ্ঠিত হয় ৷

ইয়াৰ পিছতে সদৌ অসম ভিত্তিত এক বুৰঞ্জীমূলক কুইজ প্ৰতিযোগিতা হয় ৷ দুপৰীয়া প্ৰতিনিধি সভা আৰু সন্ধিয়া টাই পৰম্পৰাগত ৰীতি-নীতিয়ে বানফি ফুৰালুং পূজা অনুষ্ঠিত হয় ৷

আনহাতে দ্বিতীয় দিনা অধিৱেশনৰ সৈতে সংগতি ৰাখি আলোচনা চক্ৰৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন আৰু মুকলি সভাত অনুষ্ঠিত হ'ব বুলি জনায় ৷