সমগ্ৰ দেশৰ লগতে অসমতো বৃহস্পতিবাৰে পালন কৰিব ঈদ উল আজহা...
সমগ্ৰ দেশৰ লগতে অসমতো বৃহস্পতিবাৰে পালন কৰিব ঈদ উল আজহা... 
অসম

সমগ্ৰ দেশৰ লগতে অসমতো বৃহস্পতিবাৰে পালন কৰিব ঈদ উল আজহা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ ভাৰতৰ লগতে অসমতো ২৯ জুন, বৃহস্পতিবাৰে উদযাপন কৰা হ'ব ঈদ উল আজহা। কেন্দ্ৰীয় হিলাল কমিটী, অসমে এই সন্দৰ্ভত এক বিবৃতি প্ৰেৰণ কৰিছে।

কেন্দ্ৰীয় হিলাল কমিটী, অসমৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমদ কাছিমী আৰু সম্পাদক প্ৰধান আলহাজ ইমদাদ হুছেইনে এক বিজ্ঞপ্তিযোগে জনাইছে যে, ২৯ জুন ২০২৩, বৃহস্পতিবাৰে ভাৰত বৰ্ষৰ লগতে অসমতো ঈজ উল আজহা পালন কৰা হ'ব।

ইয়াৰোপৰি কেন্দ্ৰীয় হিলাল কমিটী, অসমৰ তৰফৰ পৰা অসমবাসীলৈ ঈদৰ শুভেচ্ছাও জনাইছে।