CBI য়ে গ্ৰেপ্তাৰ কৰিলে উত্তৰ পূব সীমান্ত ৰে'লৱেৰ দুই বিষয়া আৰু এজন ঠিকাদাৰক...
CBI য়ে গ্ৰেপ্তাৰ কৰিলে উত্তৰ পূব সীমান্ত ৰে'লৱেৰ দুই বিষয়া আৰু এজন ঠিকাদাৰক...  
অসম

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ১০০ কোটি কেলেংকাৰীৰ দায়িত্ব CBI কঃ অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভ আমছু সভাপতিৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ ওৰাংঃ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত হোৱা ১০০ কোটিৰো অধিক টকাৰ কেলেংকাৰী তদন্তৰ ভাৰ প্ৰদান কৰা হৈছে চি বি আইক। কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা বিভাগে এই সমগ্ৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰাৰ পাছতে এই কাণ্ডৰ সৈতে জড়িতসকল ওলাই পৰিব বুলি ধাৰণা কৰা হৈছে।

ইফালে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত সৰৱ হৈ পৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ। আমছু নেতাগৰাকী শেহতীয়াকৈ ওদালগুৰি জিলাৰ ৰৌতাত উপস্থিত হৈ অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিলে।

অসমৰ ধুবুৰী, গোৱালপাৰা,দৰং,বৰপেটা, নগাঁও, মৰিগাঁও, গোলাঘাট, কামৰূপ(গ্ৰাম্য)আদি জিলাত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ কৰে। ২০০৭ বৰ্ষৰ পৰা ২০২২ লৈ সংঘটিত হৈছিল এই কেলেংকাৰী ।

বহু ভুৱা শিক্ষা প্ৰতিষ্ঠানৰ জৰিয়তে ধন উলিয়াই আত্মসাৎ কৰিছিল দুষ্টচক্ৰই। ৰাজ্যৰ এই সৰ্ববৃহৎ কেলেংকাৰীৰ তদন্তৰ নামত অসম চৰকাৰে ভেকোভাওনা কৰাৰ অভিযোগ আমছু নেতাগৰাকীৰ।

দুখীয়া ছাত্ৰ-ছাত্ৰীৰ নামত আৱন্টিত ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰা দুষ্টচক্ৰক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই আমছুৱে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল আন্দোলন । কিন্তু ৰহস্যজনকভাৱে ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ ৰেজাউল কৰিম সৰকাৰৰ।

তেওঁৰ মতে এই কেলেংকাৰীৰ সৈতে চৰকাৰ পক্ষৰ বহু আমোলা-বিষয়াও জড়িত হৈ আছে। যাৰ বাবে বহু ৰৌ-বৰালীৰ মুখা খোল খোৱাৰ ভয়ত তদন্তৰ নামত ভেকোভাওনা কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আমছুৱে।

ৰাজ্য চৰকাৰৰ তদন্তত কেৱলমাত্ৰ কেইজনমান বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰী আৰু শিক্ষকক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰাৰ অভিযোগ আমছুৰ। ৰাজ্য চৰকাৰৰ এনে নিয়মমাফিক তদন্তৰ পাছত এতিয়া কেন্দ্ৰীয় চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা বিভাগে এই সৰ্ববৃহৎ কেলেংকাৰীৰ তদন্তৰ দায়িত্ব ইতিমধ্যে CBIক অৰ্পণ কৰিছে।

১০০ কোটিৰো অধিক টকাৰ কেলেংকাৰীৰ তদন্ত কৰিব কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰা চক্ৰৰ শেষৰজন ব্যক্তিৰ চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।